অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আশিস বিচাৰিলে গৌৰৱ গগৈয়ে - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 3:23 PM IST

thumbnail

শিৱসাগৰ, 2 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ তৎপৰতা বৃদ্ধি হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও শিৱসাগৰত নিৰ্বাচনী ৰণডংকা বজাইছে ৷ মঙলবাৰে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আশিস বিচাৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বাসগৃহত উপস্থিত হয় । প্ৰবীন ক্ৰীড়াবিদজনৰ লগত মত বিনিময় কৰে গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈয়ে কয় যে ভোগশ্বৰ বৰুৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক ঘৰুৱা ৷  প্ৰয়াত তৰুণ গগৈয়ে পূৰ্বে প্ৰায় বৰুৱাক লগ কৰিবলৈ আহিছিল ৷ সেইবাবে গৌৰৱ গগৈয়েও ক্ৰীড়াবিদগৰাকীৰ স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে লগতে তেওঁৰ আশিস বিচাৰি আহে বুলি জানিবলৈ দিয়ে ৷ দুয়োগৰাকীয়ে পুৰণি কথাবোৰ সুঁৱৰি নষ্টালজিক হৈ পৰে বুলি কয় গগৈয়ে ৷

লগতে পঢ়ক : ব্যৰ্থতা আৰু সমালোচনা সফলতাৰ আধাৰ : ৰাজকীয় প্ৰত্যাৱৰ্তনেৰে প্ৰমাণ কৰিলে ৰিয়ান পৰাগে - Riyan Parag

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.