ডিমা হাছাওত উলহে মালহেৰে উদযাপিত হৈছে বুছুদিমা

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 2:54 PM IST

thumbnail

হাফলং, 29 জানুৱাৰী: ডিমাছা জনগোষ্ঠীৰ জাতীয় উৎসৱ বুছুদিমা সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে ৷ ডিমা হাছাও জিলাৰ কাছাৰ, কৰিমগঞ্জ, কাৰ্বি-আংলঙৰ লগতে লংকা, হোজাই আদিকে ধৰি বিভিন্ন ঠাইত উদযাপন কৰা হৈছে এই বুছুদিমা ৷ 

ডিমাছা জনগোষ্ঠীৰ এই জাতীয় উৎসৱটি প্ৰতিবছৰে 27 জানুৱাৰীৰ দিনা উদযাপন কৰা হয় আৰু এই উৎসৱটি চলে এক সপ্তাহ পৰ্যন্ত । চলিত বৰ্ষত 2 ফেব্ৰুৱাৰীৰ দিনা কেন্দ্ৰীয়ভাবে হাফলঙত আয়োজন কৰা হ’ব বুছুদিমা । কৃষিভিত্তিক এই উৎসৱটি প্ৰতিবছৰে ধান ঘৰত তুলি ৰখাৰ পিচতে পালন কৰা হয় ।

ডিমা হাছাও জিলাৰ হাৰেংগাজাও বৰনাৰায়ণপুৰত 27 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে বুছুদিমা উৎসৱটি । এই বুছুদিমা উৎসৱত বাচি আৰু ঢোলৰ তালে তালে বাইডিমা নৃত্য নাচে ডিমাছা জনগোষ্ঠীৰ যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি বুঢ়া-মেঠা সকলোৱে ৷ 

ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত খেল আৰু বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাৰ লগে ভুৰী ভোজ আৰু জুদিমা পানীয় পৰিবেশন কৰা হয় বুছুদিমা উৎসৱত চামিল হোৱা লোকসকলৰ মাজত । 

লগতে পঢ়ক: ডিমা হাছাওত পালন কৃষি ভিত্তিক উৎসৱ "বুছুদিমা"

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.