ওদালগুৰিত বিজেপি-ইউ পি পি এল দলৰ যৌথ সভা

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:59 PM IST

thumbnail

ওদালগুৰি, 11 ফেব্ৰুৱাৰী : ওদালগুৰিত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে যৌথভাৱে ৰণ কৌশল ৰচনা কৰিলে বিজেপি-ইউ পি পি এল দলে ৷ সভাত ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সংকল্প ল'লে দুয়োটা দলে ৷

আজি ওদালগুৰি চহৰৰ বিষ্ণু ৰাভা ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি আৰু ইউ পি পি এল দলৰ এখন যৌথ সভা অনুষ্ঠিত হয় ৷ এই সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহল, বি টি চি প্ৰধান প্ৰমোদ বড়ো, সাংসদ দিলীপ শইকীয়াকে ধৰি কেবাগৰাকীও বিধায়ক আৰু কাৰ্যবাহী সদস্যই ৷ এই সভাত দুই দলৰ কৰ্মী সকলে আগন্তুক লোকসভা নিৰ্বাচনত কেনেদৰে আগবাঢ়িব লাগিব তাৰ ওপৰত দীৰ্ঘ সময় ধৰি আলোচনা কৰে ৷

সভাত বক্তব্য প্ৰদান কৰি মন্ত্ৰী অশোক সিংহলে বিপুল ভোটত বিজেপি আৰু ইউ পি পি এলৰ সমৰ্থীত প্ৰাৰ্থীক জয়ী কৰাব লাগিব বুলি মন্তব্য কৰাৰ কৰ্মী সকলক শক্তিশালী হ'বলৈ পৰামৰ্শ দিয়ে ৷ লগতে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে এই সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে সাংসদ দিলীপ শইকীয়াই ৷ কংগ্ৰেছ দলৰ এতিয়া যন্ত্ৰ নাই গতিকে একো ষড়যন্ত্ৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে তেওঁ ৷ কংগ্ৰেছত আৰু খহনীয়া হ'বলৈ কংগ্ৰেছৰ পাৰেই নাই, গতিকে কʼৰ পৰা খহনীয়া হ'ব বুলি দলটোক সমালোচনা কৰে সাংসদগৰাকীয়ে ৷ আজিৰ যৌথ সভাত ওদালগুৰি আৰু তামুলপুৰ জিলাৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে ৷  

লগতে পঢ়ক : শংকৰ সংঘৰ মঞ্চলৈ আজমলক নিমন্ত্ৰণ নজনাবলৈ কৰযোৰে অনুৰোধ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.