মিছা মাতিছে বাবেই মা কামাখ্যাৰ শপত খাব নোৱাৰে প্ৰদ্যুৎ বৰদলৈয়ে: পীযুষ হাজৰীকা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
Lok Sabha Election 2024 (undefined)

By ETV Bharat Assamese Team

Published : April 22, 2024 at 4:58 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, ২২ এপ্ৰিল: "প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰাটো এশ শতাংশ সত্য । এই সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে মিছা কথা কৈছে । যাৰ বাবে কামাখ্যাত শপত খাবলৈ ভয় কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ।" পুনৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মাৰ্ঘেৰিটাৰ পৰাই প্ৰদ্যুৎ বৰদলৈয়ে ছিণ্ডিকেট আৰম্ভ কৰিছিল বুলিও বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । সোমবাৰে নগাঁৱৰ দগাঁও, বৰালিমাৰীত কেবাখনো জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । 

সংখ্যালঘু অধ্যুষিত এলেকাত অনুষ্ঠিত বিশাল সভাত চৰাঞ্চলৰ ভূমিহীন লোকক ভূমি পট্টা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । চৰৰ মাটিৰ জৰীপ কৰি চৰৰ মানুহকেই গতাই দিয়াৰ কথা উল্লেখ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । লগতে চৰৰ মাতব্বৰৰাজ বন্ধ কৰাৰো হুংকাৰ দিয়ে তেওঁ । চৰাঞ্চলত কোনো মাতব্বৰে অতপালি কৰিলে পীযুষ হাজৰিকাক WhatsApp ত জনাবলৈও আহ্বান জনায় ৰাইজক । 

ইপিনে যুৱকসকলকো বুলেটৰ পৰিৱৰ্তে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হাজৰীকাই । সোমবাৰে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ চলোৱা প্ৰচাৰৰ সময়ত পীযুষ হাজৰিকাক সংগ দিয়ে বিজেপিৰ নগাঁও জিলাৰ সভাপতি অভিজিৎ নাথে । 

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details