মিছা মাতিছে বাবেই মা কামাখ্যাৰ শপত খাব নোৱাৰে প্ৰদ্যুৎ বৰদলৈয়ে: পীযুষ হাজৰীকা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 4:58 PM IST

thumbnail

নগাঁও, ২২ এপ্ৰিল: "প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰাটো এশ শতাংশ সত্য । এই সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে মিছা কথা কৈছে । যাৰ বাবে কামাখ্যাত শপত খাবলৈ ভয় কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ।" পুনৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মাৰ্ঘেৰিটাৰ পৰাই প্ৰদ্যুৎ বৰদলৈয়ে ছিণ্ডিকেট আৰম্ভ কৰিছিল বুলিও বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । সোমবাৰে নগাঁৱৰ দগাঁও, বৰালিমাৰীত কেবাখনো জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । 

সংখ্যালঘু অধ্যুষিত এলেকাত অনুষ্ঠিত বিশাল সভাত চৰাঞ্চলৰ ভূমিহীন লোকক ভূমি পট্টা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । চৰৰ মাটিৰ জৰীপ কৰি চৰৰ মানুহকেই গতাই দিয়াৰ কথা উল্লেখ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । লগতে চৰৰ মাতব্বৰৰাজ বন্ধ কৰাৰো হুংকাৰ দিয়ে তেওঁ । চৰাঞ্চলত কোনো মাতব্বৰে অতপালি কৰিলে পীযুষ হাজৰিকাক WhatsApp ত জনাবলৈও আহ্বান জনায় ৰাইজক । 

ইপিনে যুৱকসকলকো বুলেটৰ পৰিৱৰ্তে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হাজৰীকাই । সোমবাৰে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ চলোৱা প্ৰচাৰৰ সময়ত পীযুষ হাজৰিকাক সংগ দিয়ে বিজেপিৰ নগাঁও জিলাৰ সভাপতি অভিজিৎ নাথে । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.