বিজেপি নেতাৰ বিৰুদ্ধে মৰাণৰ ৰাজপথত গুণ্ডাগিৰি চলোৱাৰ অভিযোগ - Hooliganism in Moran

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 12:02 PM IST

thumbnail

মৰাণ, ২৪ মাৰ্চ : লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ব্যাপক প্ৰচাৰ অভিযান চলি থকা সময়ত এইবাৰ মৰাণৰ ৰাজপথত তৈল খাদৰ খনন কৰিবলৈ অহা ঠিকাদাৰ প্ৰতিষ্ঠানৰ গাড়ী ৰখাই গুণ্ডাগিৰি চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উঠিছে বিজেপি নেতা-কৰ্মীৰ বিৰুদ্ধে ।

কেবিনেট মন্ত্ৰীৰ খুলশালী বুলি পৰিচয় দি কোম্পানীৰ কাম বিচাৰি ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে মানবেন্দ্ৰ গগৈ নামৰ বিজেপি নেতাজনৰ বিৰুদ্ধে ৷ জানিব পৰা মতে, এই মানবেন্দ্ৰ গগৈ হৈছে কেবিনেট মন্ত্ৰী যোগেন মহনৰ ঘনিষ্ঠ ৷

মানবেন্দ্ৰ গগৈৰ নেতৃত্বত যোৱা দলটোৱে অইল ইণ্ডিয়াৰ মৰাণৰ উষাপুৰস্থিত ১৪ নং তৈল খাদত খনন কাৰ্য চলাবলৈ অহা উদ্দীপ্ত এনাৰ্জী নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ কেইবাখনো গাড়ী নিশা প্ৰায় ১২:৩০ বজাৰ পৰা প্ৰায় ১২ ঘণ্টা পথৰ ওপৰতে ৰখা থয় ৷ লগতে বিভিন্ন প্ৰকাৰে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্ত গগৈৰ বিৰুদ্ধে ।

ইতিমধ্যে উদ্দীপ্ত এনাৰ্জী নামৰ কোম্পানীটোৰ কৰ্মচাৰীক মানবেন্দ্ৰ গগৈৰ লগতে কেইবাজনো নেতাই ফোনযোগে নিশা হাৰাশাস্তি কৰা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে । উক্ত কল ৰেকৰ্ডিঙত কেবিনেট মন্ত্ৰীৰ খুলশালীয়েক বুলি পৰিচয় দি শীঘ্ৰে কথা নাপাতিলে খাদৰ কাম বন্ধ কৰি দিয়া হ'ব বুলি দিয়া ভাবুকি স্পষ্ট হৈ পৰিছে ।

অৱশেষত দেওবাৰে ঘটনাস্থলীত মৰাণহাট আৰক্ষী উপস্থিত হৈ সকলো গাড়ী মোকলাই দি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । এই কাৰ্যক তীব্ৰ গৰিহণা দিছে স্থানীয় লোকে ।

লগতে পঢ়ক: ধুবুৰীত যাত্ৰীবাহী বাছলৈ অজ্ঞাত স্থানৰ পৰা গুলীচালনা ! - Firing At Dhubri

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.