হিমন্ত বিশ্ব শৰ্মাৰ ধমকিত বৰপেটাৰ প্ৰাৰ্থী হৈছে ফণীভূষণ চৌধুৰী : মনোৰঞ্জন তালুকদাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 3:39 PM IST

thumbnail

বঙাইগাঁও, 31 মাৰ্চ : "বিজেপিয়ে অগপ দলক গিলি পেলাইছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ ধমকিত বৰপেটাৰ প্ৰাৰ্থী হৈছে ফণীভূষণ চৌধুৰী ৷ এতিয়া অগপ দলৰ সভাপতি হৈছে হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা আৰু কেশৱ মহন্ত কাৰ্যকৰী সভাপতি ৷" এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ৷ বঙাইগাঁও চহৰৰ দৈনিক বজাৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ মনোৰঞ্জন তালুকদাৰে এই মন্তব্য কৰে ৷

বিজেপিয়ে অগপ দলক গিলি পেলাইছে বুলি অভিযোগ কৰি তালুকদাৰে বৰপেটা লোকসভা সমষ্টিত চি পি আই এম দলৰ বিজয় নিশ্চিত আৰু ফণীভূষণ চৌধুৰী দ্বিতীয় স্থানত থাকিব বুলি মন্তব্য কৰে ৷  

উল্লেখ্য যে, নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৷ আজি বঙাইগাঁও চহৰৰ দৈনিক বজাৰত নিৰ্বাচনী প্ৰচাৰ চলায় চি পি আই এমৰ প্ৰাৰ্থীজনে ৷ 

লগতে পঢ়ক : বিজেপিয়ে কোৱা শান্তিৰ কপৌজনী অসমলৈ অহা নাই: লুৰীণজ্যোতি গগৈ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.