সহস্ৰাধিক সমৰ্থকক লগত লৈ নাহৰকটীয়াত সৰ্বানন্দ সোণোৱালৰ বিশাল পদযাত্ৰা - Lok sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 7:42 AM IST

thumbnail

মৰাণ, 17 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন । ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে দিনে-নিশাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে । 

মঙলবাৰে নাহৰকটীয়াত বিজেপিয়ে উলিয়াই বিশাল পদযাত্ৰা । নাহৰকটীয়া বিজেপিৰ নেতৃত্বত হোৱা এই বিশাল পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । নাহৰকটীয়াৰ ৰামপুৰ গাঁৱৰ পৰা বাহিৰ হোৱা এই বিশাল পদযাত্ৰা নাহৰকটীয়া নগৰ হৈ নাহৰকটীয়া দৈনিক বজাৰত সামৰণি পৰে । 

‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক গীতৰ তালে তালে প্ৰায় তিনি সহস্ৰাধিক বিজেপি কাৰ্যকৰ্তাই নাচি বাগি বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । উন্নয়ন-প্ৰগতিৰ লগতে এক শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত প্ৰথম পৰ্যায়ৰ 5 টা লোকসভা সমষ্টিৰ নিৰ্বাচনত ৰাইজে বিজেপিৰ পক্ষত ভোটদান কৰিব বুলি বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে দৃঢ়তাৰে দাবী কৰে । 

এই পদযাত্ৰাত বিজেপি প্ৰাৰ্থীগৰাকীক সংগ দিয়ে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । 

লগতে পঢ়ক: কংগ্ৰেছ দলৰ নীতি-নেতা আৰু চৰিত্ৰ নাই: সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.