সকলোৱে বিচাৰিছে পুনৰ হওক মোদী চৰকাৰ: দিলীপ শইকীয়া - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 3:41 PM IST

thumbnail

দলগাঁও, ৭ এপ্ৰিল: দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে । এই অভিযানৰ অংশৰূপে আজি সমষ্টিটোৰ অন্তৰ্গত বৰঝাৰ বজাৰ দুৰ্গা মন্দিৰ প্ৰাংগনৰ সমীপত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই কয় যে উন্নয়ণৰ ধাৰা দেখিয়েই ৰাইজ ওলাই আহিছে ।

এই সভাত ৰাইজৰ উৎসাহ দেখি আনন্দিত হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই কয় যে মোদী চৰকাৰৰ সবকা সাথ সবকা বিকাশৰ কাম-কাজত সন্তুষ্ট হৈছে ৰাইজ । সকলোৱে বিচাৰিছে পুনৰ হওক মোদী চৰকাৰ । উন্নয়নৰ ৰাজনীতিত সংখ্যালঘু-সংখ্যাগুৰু সকলো ৰাইজ আকৃষ্ট হৈছে । যাৰ বাবে এইবাৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজ হিলদল ভাঙি ওলাই আহিছে ।

দেওবাৰে অনুষ্ঠিত এই সভাত উপস্থিত থাকে ইএম ড৹ নীলুত স্বৰ্গীয়াৰী, এম চি এল এ দীপক মৌৰ, প্ৰাক্তন এম চি এলএ জীতু কিষাণ,কন্ঠশিল্পী সীমান্ত শেখৰকে আদি কৰি বিজেপি,অগপ আৰু ইউপিপিএলৰ দলীয় কৰ্মীসকল ।

লগতে পঢ়ক:দৰং ওদালগুৰি সমষ্টিৰ ডেৰ শতাধিক বিপিএফ নেতা-কৰ্মীৰ বিজেপিত যোগদান - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.