গোলাঘাটত ভয়ংকৰ দুৰ্ঘটনা : নিহত বাইক আৰোহী - Accident in Golaghat

By ETV Bharat Assamese Team

Published : May 25, 2024, 9:54 PM IST

thumbnail
গোলাঘাটত ভয়ংকৰ দুৰ্ঘটনা;নিহত বাইক আৰোহী (ETV Bharat)

গোলাঘাট,২৫ মে': গোলাঘাটত শুকুৰবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত নিহত হয় এজন বাইক আৰোহী । নিহত যুৱকজন বোকাখাতৰ অৰূপ দেউৰী বুলি জানিব পৰা গৈছে । নিশা ন-ভেটা অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো । ন-ভেটা প্ৰাথমিক বিদ্যালয়ৰ সমীপত এজোপা গছত তীব্ৰবেগী বাইকে খুন্দা মাৰে । ফলত বাইক আৰোহীজন কেইবা মিটাৰ দূৰত ছিটিকি পৰে ।

স্থানীয় লোকৰ সহযোগত অৱশেষত গুৰুতৰভাৱে আহত বাইক আৰোহীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু ঘটে । স্থানীয় লোকে অভিযোগ কৰা মতে দুৰ্ঘটনাৰ পিচতে ১০৮ এম্বুলেন্স সেৱাক খবৰ দিয়া হৈছিল যদিও সময়ত ঘটনাস্থলীত এম্বুলেন্স উপস্থিত হোৱা নাছিল । সঠিক সময়ত এম্বুলেন্স আহি নোপোৱাৰ বাবেই বাইক আৰোহীজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :গোৱালপাৰাত গৰমে প্ৰাণ ল'লে তিনিগৰাকীকৈ লোকৰ - HEAT STROKE IN ASSAM

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.