কলিয়াবৰ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ চতুৰ্দশ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশন আৰম্ভ

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:43 PM IST

thumbnail

কলিয়াবৰ, 28 জানুৱাৰী : শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলিয়াবৰৰ শান্তিপুৰস্থিত মণিকাঞ্চন ক্ষেত্ৰত আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ চতুৰ্দশ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশন । প্ৰথম দিনটোৰ অন্যান্য কাৰ্যসূচীৰ লগতে বিয়লি অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী এখন সভা হয় । এই সভাত গ্ৰন্থ উন্মোচক প্ৰাক্তন মন্ত্ৰী বিশিষ্ট লেখক গুণীন হাজৰিকাই গুৰুজনাৰ সৃষ্টি ৰাজিক স্মৰণ কৰি তেৰাৰ সপোনৰ একত্ৰিত অসমীয়া সমাজখনৰ বিষয়ে আলোকপাত কৰে ।

আনহাতে, দ্বিতীয় দিনা পুৱা ৰাজ্যিক সভাপতি দীনেশ মহন্তই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাচতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে ধৰণীধৰ পাঠকে । আনহাতে, তৃতীয় দিনা অৰ্থাৎ অন্তিম দিনা পুৱা ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব । শোভাযাত্ৰা উদ্বোধন কৰিব সামাজ কৰ্মী মণিমাধৱ মহন্তই । ইয়াৰ পাচতে মুকলি সভা অনুষ্ঠিত হ'ব । সভাপতি দীনেশ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰিব সমাজৰ শৰণাচাৰ্য হলধৰ ডেকাই ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে কৃষি মন্ত্ৰী অতুল বৰা, নিৰ্দিষ্ট বক্তা হিচাপে ড৹ ৰঞ্জন কলিতাই অংশগ্ৰহণ কৰিব । নিশাৰ ভাগত কলিয়াবৰৰ বাচক-বনীয়া কুশলিৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ'ব ।

লগতে পঢ়ক : অসম কংগ্ৰেছ সোমায় আছে বিজেপিৰ পকেটত; বদৰুদ্দিন আজমল 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.