ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অপ্ৰীতিকৰ পৰিস্থিতি, আৰক্ষীৰ লাঠীচালনা

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 1:09 PM IST

thumbnail

গুৱাহাটী, 23 জানুৱাৰী : গুৱাহাটীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অনাকাংক্ষিত পৰিস্থিতি ৷  গুৱাহাটীত প্ৰৱেশৰ মুহূৰ্তত উতপ্ত পৰিস্থিতি ৷ ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটী মহানগৰীত প্ৰৱেশৰ সময়তে আৰক্ষীৰ বাধা ৷ খানাপাৰাত বেৰিকেড দি বাধা প্ৰদান ৰাহুলসহ কংগ্ৰেছ কৰ্মীসকলক ৷

আনহাতে বেৰিকেড ভাঙি মহানগৰীত প্ৰৱেশৰ চেষ্টা কেইবাশও কংগ্ৰছ নেতা-কৰ্মীৰ ৷ খানাপাৰাত আৰক্ষীৰে কংগ্ৰেছ কৰ্মীৰ হতাহতি ৷ আৰক্ষীয়ে কংগ্ৰেছী নেতা-কৰ্মীসকলৰ ওপৰত লাঠীচালনা কৰে  ৷ এই লাঠীচালনাত কেইবাজনো লোক আহত হৈছে  ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, পিচিচি সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো আহত হোৱাৰ খবৰ লাভ কৰা হৈছে  ৷ ইতিমধ্যে আৰক্ষীয়ে একাংশ ন্যায় যাত্ৰাৰ অংশগ্ৰহণকাৰীক আটক কৰিছে ৷ মহাগনৰীৰ আৰক্ষী আয়ুক্তই নিজে নেতৃত্ব দিছে আৰক্ষী বাহিনীৰ ৷ নিজ বাছৰ পৰা দলীয় কৰ্মীক আহ্বান ৰাহুল গান্ধীৰ ৷

লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্ৰা, ৰাহুল গান্ধীক বাধা দিবলৈ খানাপাৰাত অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.