জয় নিশ্চিত, পৰাজয়ৰ কোনো কথা নাই : দীপ বায়ন - Lok sabha Elections

🎬 Watch Now: Feature Video

thumbnail
জয় নিশ্চিত, পৰাজয়ৰ কোনো কথা নাই: দীপ বায়ন (undefined)

By ETV Bharat Assamese Team

Published : March 20, 2024 at 10:20 AM IST

1 Min Read
Choose ETV Bharat

20 মাৰ্চ, বঙাইগাঁও : লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ পিছ পৰি থকা নাই কংগ্ৰেছ দলো ৷ মঙলবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ কৰ্মী সভা অনুষ্ঠিত কৰা হয় । এই সভাত উপস্থিত থাকে আগন্তুক লোকসভা নিৰ্বাচনৰ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপ বায়ন ।

দলীয় সভাখনত উপস্থিত থাকি সংবাদ মাধ্যমৰ সমুখত বায়নে কয়, "কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দলত যোগদান কৰিছো । বহু ধুমুহা আহিলেও আদৰ্শৰ পৰা লৰচৰ নহওঁ । বহু প্ৰলোভন আহিলেও মই বিক্ৰী নহওঁ । ৰামক বিশ্বাস কৰাসকলে, গান্ধীৰ আদৰ্শ ভাল পোৱাসকলে নিশাটোৰ ভিতৰতে নাথুৰাম গডচেক ভাল পোৱাসকলৰ দৰে আমি নহয় ।"

কা আইনৰ বিৰোধিতা জনাইহে বৰপেটাবাসী ৰাইজে বায়নক প্ৰক্ষেপ কৰিছে বুলি উল্লেখ কৰি নিজৰ জয় নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে তেওঁ ।

লগতে পঢ়ক: দিল্লীৰ সিদ্ধান্ত মানি ল’বলৈ মনোৰঞ্জন তালুকদাৰক আহ্বান দীপ বায়নৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details