ETV Bharat / politics

দিল্লীৰ সিদ্ধান্ত মানি ল’বলৈ মনোৰঞ্জন তালুকদাৰক আহ্বান দীপ বায়নৰ

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:05 PM IST

Deep Bayan: মনোৰঞ্জন তালুকদাৰক দিল্লীৰ সিদ্ধান্তক মানি ল’বলৈ আহ্বান জনাইছে দীপ বায়নে ৷ বৰপেটাৰ আসনখনৰ সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় নেতৃত্বই আলোচনা প্ৰক্ৰিয়া চলাই আছে বুলিও বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিছে ৷

Deep Bayan
বৰপেটাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়ন

নলবাৰীত বৰপেটাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়ন

নলবাৰী, ১৯ ফেব্ৰুৱাৰী : বৰপেটা লোকসভা আসনখন ইণ্ডি এলায়েন্সৰ অংশীদাৰ চি পি আই এম নেতা মনোৰঞ্জন তালুকদাৰক এৰি দিয়াক লৈ অব্যাহত আছে বিতৰ্ক ৷ এই সন্দৰ্ভত নলবাৰীত প্ৰতিক্ৰিয়া আগঢ়াইছে বৰপেটাৰ কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী দীপ বায়নে ।

বৰপেটা আসনখন কোনে কাক এৰি দিব সেয়া দিল্লীয়ে চিন্তা কৰিব বুলি মন্তব্য আগবঢ়ায় দীপ বায়নে ৷ আসন বুজাবুজি সন্দৰ্ভত ইতিমধ্যে দিল্লীত কেন্দ্ৰীয় নেতৃত্বই আলোচনা প্ৰক্ৰিয়া চলাই আছে বুলিও দীপ বায়নে জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ ইণ্ডি এলায়েন্সৰ পৰা চি পি আই এম নেতা মনোৰঞ্জন তালুকদাৰক এৰি দিবলৈ ৰাজ্যৰ একাংশ বুদ্ধিজীৱীয়েও কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক আবেদন কৰাৰ কথা ব্যক্ত হৈছিল । কিন্ত ইয়াৰ পিচতে ইণ্ডি এলায়েন্সৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হয় ৷ সেই অনুসৰি বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে দীপ বায়নক প্ৰক্ষেপ কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত ইণ্ডি এলায়েন্সৰ এনে সিদ্ধান্তৰ সন্দৰ্ভত বহু মহলত তীব্ৰ চৰ্চা চলি আছে ৷

মঙলবাৰে নলবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মনোৰঞ্জন তালুকদাৰকো এই আলোচনাৰ মাধ্যমেৰে সংবিধান ৰক্ষাৰ স্বাৰ্থত দিল্লীৰ সিদ্ধান্তক মানি ল’বলৈ আহ্বান জনায় । আনহাতে অসম গণ পৰিষদক তুলাধূনা দিয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে । ৮৫৫ গৰাকী অসম আন্দোলনৰ শ্বহীদৰ নাম লৈ বিজেপিৰে মিত্ৰতা চলাই ৰাইজক আভুৱা ভৰা ৰাজনীতি নকৰিবলৈ দীপ বায়নে সকীয়াই দিয়ে ।

অসমীয়া ৰাইজ কংগ্ৰেছৰ লগত আছে বুলি মন্তব্য কৰে দীপ বায়নে । কা আন্দোলনত নিহত ৫ গৰাকী যুৱকক কিয় শ্বহীদ ঘোষণা নকৰিলে বুলিও দীপ বায়নে প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক: এজনৰ বাহিৰে প্ৰত্যেককে গেৰুৱা বসন পিন্ধাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.