ডাকঘৰত সঞ্চয়ৰে সুৰক্ষিত কৰিবলৈ আহ্বান - Minimum savings in Post office
🎬 Watch Now: Feature Video

Published : January 23, 2024 at 2:32 PM IST
টীয়ক, ২৩ জানুৱাৰী : মধ্যবিত্ত শ্ৰেণীৰ বাবে সঞ্চয়ৰ অন্যতম ভৰষাৰস্থল হৈছে ডাকঘৰ । ডাকঘৰত ন্য়ূনতম সঞ্চয়ৰ যোগেদি ৰাইজে ভৱিষ্যত সুৰক্ষাৰ বাবে ধন সঞ্চয় কৰি নিজৰ লগতে পৰিয়ালটোক সুৰক্ষা দিব পাৰে । দেশৰ অৰ্থনৈতিক পৰিবৰ্তনৰ লগতে ডাকঘৰেও সঞ্চয় তথা বীমাৰ ক্ষেত্ৰত যথেষ্ট পৰিবৰ্তন আনিছে যাতে সাধাৰণৰ ৰাইজে ইয়াৰ সুবিধা গ্ৰহণ কৰি উপকৃত হ'ব পাৰে । তেনেবোৰ সঞ্চয়ৰ আঁচনি তথা বীমা সম্বন্ধীয় ডাকঘৰৰ আঁচনিৰ সম্পৰ্কে গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে সোমবাৰে টীয়কৰ দোলাষলীয়া গাৱঁৰ শাখা ডাকঘৰৰ প্ৰাংগণত ভাৰতীয় ডাক বিভাগৰ শিৱসাগৰ সংমণ্ডলে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে ।
উক্ত সজাগতা সভাত ডাক পৰিদৰ্শক ছফিকুল ইছলাম, ডাক জীৱন বীমাৰ উন্নয়ন বিষয়া প্ৰণৱ বৰপাত্ৰ গোঁহাই,উপ-ডাকপাল গৌতম বৰা, আই পি পি শাখা প্ৰৱন্ধক সিদ্ধাৰ্থ দাস, অ'এছ দিগন্ত বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকি ৰাইজক ডাকঘৰৰ সুবিধাসমূহ অৱগত কৰে । তেওঁলোকে ইয়াৰ লাভালাভ গ্ৰহণ কৰি নিজৰ অৰ্থনৈতিক অৱস্থা সুৰক্ষিত কৰিবলৈ আহ্বান জনায় । ইপিনে, উক্ত সভাত অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকি থিতাতে বহু আঁচনি গ্ৰহণ কৰি উপকৃত হৈছে ।
লগতে পঢ়ক:কংগ্ৰেছ দল যিফালে গৈছে সেইফালেই মানুহে দৰ্জা বন্ধ কৰি দিছে: জয়ন্ত মল্ল বৰুৱা