দুলীয়াজানত জ্বলিল প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী-মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱালৰ জুমুঠি

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 10:21 PM IST

thumbnail

ডিব্ৰুগড়, 13 মাৰ্চ: বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে 'কা' কা বলবৎ কৰাৰ পিচতে ৰাজ্যত পুনৰ আৰম্ভ হ’ল আন্দোলন ৷ বিভিন্ন দল-সংগঠনে ৰূপায়ণ কৰিছে ইটোৰ পিচত সিটো প্ৰতিবাদী কাৰ্যসূচী ৷

বুধবাৰে দুলীয়াজানৰ পিপল তল তিনিআলিত আটাছুৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে ।

‘কা’ বিৰোধী আন্দোলনত ৫ জন অসমীয়া যুৱকে দিয়া আত্মবলিদানক নিৰ্বাচনৰ সময়ত স্মৰণ কৰিবলৈ অসমবাসীক আহ্বান জনাই প্ৰতিবাদকাৰী আটাছুৰ নেতা-কৰ্মীসকলে । তেওঁলোকে কয় যে জাতিৰ স্বাৰ্থত গণতান্ত্ৰিক প্ৰতিবাদ চলিছিল আৰু অবিৰতভাৱে চলি যাব ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপম গগৈ, অৰূপ ফুকন, কাৰ্যকৰী সভাপতি ৰাজীৱ গগৈৰ লগতে আটাছুৰ দুলীয়াজান আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: CAA ৰূপায়ণ বিজেপিৰ লেতেৰা ভোট বেংকৰ ৰাজনীতি: কেজৰিৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.