ছেবাৰ দায়িত্বজ্ঞানহীনতা : শৈক্ষিক জীৱনলৈ অন্ধকাৰ নামিল এগৰাকী মেধাৱী শিক্ষাৰ্থীৰ - Assam HSLC Result 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 7:17 PM IST

thumbnail

কলিয়াবৰ, 20 এপ্ৰিল : আজি ঘোষণা কৰা হ’ল উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা 2024ৰ ফলাফল ৷ তাৰ মাজতে ফলাফলত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে কলিয়াবৰত ৷ অভিযোগ মতে ছেবাৰ দায়িত্বজ্ঞানহীনতাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হ'ব লগা হ'ল কলিয়াবৰৰ এজন ছাত্ৰ ৷ ছেবাৰ বিসংগতিৰ বাবেই ভুল ফলাফল লাভ কৰিলে কলিয়াবৰৰ মিছাৰ সন্দিপনী বিদ্যামন্দিৰৰ ছাত্ৰ অংকুৰ বৰাই ৷

অংকুৰ বৰাই মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সকলো বিষয়ৰ পৰীক্ষাত বহিছিল যদিও ছেবাৰ নম্বৰ তালিকাত ছাত্ৰজনে সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অনুপস্থিত বুলি দেখুৱাই অনুত্তীৰ্ণ ঘোষণা কৰা হয় ৷ ছাত্ৰজনে হিন্দী বিষয়ত লেটাৰ নম্বৰসহ আটাইকেইটা বিষয়ত 70 শতাংশৰো অধিক নম্বৰ লাভ কৰাৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈও সমাজ অধ্যয়ন বিষয়ত অনুপস্থিত দেখুওৱাৰ বাবে অনুতীৰ্ণ হয় ফলাফলত ৷ ছেবাৰ এনে বিসংগতিৰ বাবেই এতিয়া ভাগি পৰিছে কলিয়াবৰৰ এইজন ছাত্ৰ ৷ 
 
লগতে পঢ়ক : মেট্ৰিকৰ ফলাফল : উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত চিৰাং, সৰ্বনিম্ন স্থানত ওদালগুৰি - Assam HSLC Result 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.