মুখ্যমন্ত্ৰীয়ে কিয় ক’লা ৰং সানিলে পদুমত ! - Dibrugarh News
🎬 Watch Now: Feature Video


Published : January 29, 2024 at 1:05 PM IST
ডিব্ৰুগড়, 29 জানুৱাৰী : লোকসভা নিবাৰ্চনক লৈ সাজু হৈ উঠিছে শাসকীয় দল বিজেপি। এখনৰ পাছত আন এখন অভিলাষী আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ সমান্তৰালভাৱে বিজেপি দলে সাংগঠনিক কামকাজ আগুৱাই নিয়াৰ বাবে লৈছে বিভিন্ন কাৰ্যসূচী। উজনি ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা চৌকিডিঙী চাৰিআলিৰ ৱালত ক’লা ৰঙেৰে পদুম ফুল অংকন কৰে ।
দলীয় কৰ্মীক উৎসাহিত কৰিবলৈ ডিব্ৰুগড়ৰ ৱালত পদুম ফুল অংকন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নৱ নিৰ্মাণ হৈ থকা বিজেপিৰ জিলা কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পুনৰ এবাৰ মোদী চৰকাৰ গঠনৰ বাবে ৱালত পদুম ফুল অংকন কাৰ্যসূচীত লোৱা হৈছে ।
লগতে পঢ়ক : মানস আৰক্ষীৰ লোক নহয়, তেওঁক ঘৰলৈ ওভতাই পঠিয়াওক: মুখ্যমন্ত্ৰী