তিনি গৰাকী কৃষকলৈ অসম কৃষক পৰিষদৰ প্ৰগতিশীল কৃষক বঁটা

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 5:22 PM IST

thumbnail

গুৱাহাটী, 24 জানুৱাৰী : অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে বুধবাৰে প্ৰগতিশীল কৃষক বঁটা ঘোষণা কৰে ৷ এই বঁটা গোলাঘাটৰ প্ৰগতিশীল কৃষক বাবা জান ভূঞা, ওদালগুৰিৰ মীনপালক প্ৰসন্ন ৰাভা, তিনিচুকীয়াৰ প্ৰগতিশীল নাৰ্জী ফুলৰ কৃষক জলিন চুতীয়াক প্ৰদান কৰা হ'ব ৷ এই বঁটা বুধবাৰে সংবাদমেলযোগে ঘোষণা কৰে অসম কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই ৷

তেওঁ কয় যে 1894 চনত দৰং জিলাৰ পথৰুঘাটত বৃটিছ চৰকাৰৰ খাজানা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ 140 জন কৃষক শ্বহীদ হৈছিল ৷ পথৰুঘাটৰ শ্বহীদ কৃষকক সোঁৱৰণ কৰি এই দিনটো কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ৷ এই দিনটো স্মৰণ কৰি অসম কৃষক পৰিষদৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত 28 জানুৱাৰীত কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস আয়োজন কৰা হৈছে ৷ 

এই অনুষ্ঠানতে তিনিগৰাকী প্ৰগতিশীল কৃষকক বঁটা প্ৰদান কৰা হ'ব ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে বৈশ্যই ৷ প্ৰায় 10 হাজাৰ কৃষকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.