প্ৰকৃততে কাৰ বাবে অৰুণোদয় আঁচনি ?

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:56 PM IST

thumbnail

ৰঙিয়া, 2 ফেব্ৰুৱাৰী : ৰঙিয়াত চৰকাৰী আঁচনিৰ ফোপোলাস্বৰূপ । বিকলাংগ লোকেও লাভ কৰা নাই অৰুণোদয় আঁচনি । আবেদন কৰিও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে ৰঙিয়া নগৰৰ ৮ নং ৱাৰ্ডৰ বিশেষভাৱে সক্ষম খালেক খানে (৩৬) । ৮ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ তথা উপ পৌৰপতিৰ ওচৰত কাকুতি-মিনতি কৰিও আঁচনি লাভ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ।

ইয়াৰ পিচতে ৰঙিয়া পৌৰ প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে পৰিয়াল তথা ওচৰ চুবুৰীয়াই । যদি প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনি লাভ কৰা নাই তেন্তে কোনে এই আঁচনি লাভ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে পৰিয়ালটোৱে । উল্লেখ্য যে, চৰকাৰৰ ঘোষণা বিকলাংগ লোক, বিশেষভাৱে সক্ষম লোক, বিধবা মহিলা, বয়সীয়াল বিয়া নোহোৱা মহিলা আৰু ৰেচন কাৰ্ড থকা সকলো দৰিদ্ৰ শ্ৰেণীৰ লোকে লাভ কৰিব অৰুণোদয় আঁচনি । কিন্তু তাৰ পিচতো প্ৰকৃতাৰ্থত আজিও বহু হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয় আঁচনি । তাৰ বিপৰীতে এই আঁচনি লাভ কৰিছে নেতা পালিনেতাৰ অঙহী-বঙহীয়ে । যাক লৈ ৰাইজে সময়ে সময়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈ আহিছে ৷

লগতে পঢ়ক: মাজুলীত বিশ্ব জলাশয় দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.