বিটিআৰৰ বিধান পৰিষদ ভৱন উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম সুন্দৰ: পাছাং দৰ্জী ছ’নাৰ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:39 PM IST

thumbnail

কোকৰাঝাৰ, 27 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী ছ’নাৰে শনিবাৰে বি টি আৰত উপস্থিত হয় ৷ উল্লেখ্য যে, কোকৰাঝাৰ চান্দামাৰীত অনুষ্ঠিত হোৱা তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল ছ’নাৰে ৷ পৰৱৰ্তী সময়ত বি টি আৰৰ বিধান পৰিষদীয় ভৱন আৰু সচিবালয় পৰিদৰ্শন কৰে ছ’নাৰে ৷ বি টি আৰ বিধান পৰিষদীয় অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য নীলুৎ স্বৰ্গীয়াৰী আৰু বিধায়ক লৰেন্স ইছলাৰীয়ে আদৰণি জনায় নেতাগৰাকীক ৷

ইপিনে বি টি আৰৰ সচিবালয় পৰিদৰ্শন কৰি অভিভূত হৈ পৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী ছ’নাৰে ৷ তেওঁ লগতে কয়, ‘‘ মই দ্বিতীয় বাৰলৈ বি টি আৰ লৈ আহিছে ৷ বি টি আৰ বিধান পৰিষদ ভৱন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম সুন্দৰ আৰু বিশাল বিধানসভা ৷’’ আনহাতে, বি টি আৰ বিধান পৰিষদীয় ভৱনৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয় অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষগৰাকী ৷

লগতে পঢ়ক : দেওবাৰে কোন কোন কংগ্ৰেছী-জাতীয়তাবাদী শিবিৰৰ নেতাই যোগদান কৰিব বিজেপিত?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.