বিটিআৰৰ বিধান পৰিষদ ভৱন উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম সুন্দৰ: পাছাং দৰ্জী ছ’নাৰ - কোকৰাঝাৰ সাহিত্য উৎসৱ

🎬 Watch Now: Feature Video

thumbnail
বি টি আৰলৈ আহি অভিভূত হোৱা বুলি উল্লেখ পাছাং দৰ্জী ছ’নাৰৰ (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 10:39 PM IST

1 Min Read
Choose ETV Bharat

কোকৰাঝাৰ, 27 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী ছ’নাৰে শনিবাৰে বি টি আৰত উপস্থিত হয় ৷ উল্লেখ্য যে, কোকৰাঝাৰ চান্দামাৰীত অনুষ্ঠিত হোৱা তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল ছ’নাৰে ৷ পৰৱৰ্তী সময়ত বি টি আৰৰ বিধান পৰিষদীয় ভৱন আৰু সচিবালয় পৰিদৰ্শন কৰে ছ’নাৰে ৷ বি টি আৰ বিধান পৰিষদীয় অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য নীলুৎ স্বৰ্গীয়াৰী আৰু বিধায়ক লৰেন্স ইছলাৰীয়ে আদৰণি জনায় নেতাগৰাকীক ৷

ইপিনে বি টি আৰৰ সচিবালয় পৰিদৰ্শন কৰি অভিভূত হৈ পৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী ছ’নাৰে ৷ তেওঁ লগতে কয়, ‘‘ মই দ্বিতীয় বাৰলৈ বি টি আৰ লৈ আহিছে ৷ বি টি আৰ বিধান পৰিষদ ভৱন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম সুন্দৰ আৰু বিশাল বিধানসভা ৷’’ আনহাতে, বি টি আৰ বিধান পৰিষদীয় ভৱনৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয় অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষগৰাকী ৷

লগতে পঢ়ক : দেওবাৰে কোন কোন কংগ্ৰেছী-জাতীয়তাবাদী শিবিৰৰ নেতাই যোগদান কৰিব বিজেপিত?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details