ডিব্ৰুগড়ত উপস্থিত হৈ কঁকাল ঘূৰাই বিহু নাচিলে আৰমান মালিকে

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:44 PM IST

thumbnail

ডিব্ৰুগড়, 4 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ব্ৰহ্মপুত্ৰ সংগীত মহোৎসৱ । ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত মহোৎসৱত অনুষ্ঠান পৰিবেশন কৰিব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিকে ।

দেওবাৰে বিয়লি ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱা বিশিষ্ট সংগীত শিল্পীগৰাকীক উদ্যোগতাসকলে উষ্ম আদৰণি জনায় । ইয়াৰ পিচতে দুলীয়াজানত জিৰণিৰ বাবে উপস্থিত হোৱা সময়ত অসমৰ বিহু দলৰ সৈতে একেলগে কঁকাল ঘূৰাই বিহু নাচিলে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিকে ।

উল্লেখ্য যে চাহ জনগোষ্ঠীৰ বিশিষ্ট সংগীত শিল্পী শিৱচৰণ দাস আৰু সুৰেশ দাসৰ পৰিয়ালক আৰ্থিক সহায়ৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে । উক্ত সংগীতানুষ্ঠান আৰমান মালিকৰ উপৰিও সুবিল বাৰ্গ, কমল নাগ, বটল ৰকেট গ্ৰুপ, পপ্লিন ছেত্ৰী আৰু ঋতিশা শৰ্মাৰ কণ্ঠৰে জীপাল কৰি তুলিব ।

লগতে পঢ়ক: কৰ্কট দিৱসৰ দিনা আয়ুষ্মান খুৰানাই পত্নী তাহিৰাৰ বিষয়ে লিখিলে এই কথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.