ৰাম মন্দিৰৰ উদ্বোধনী উপলক্ষে আঠ বছৰ বয়সতে গোৱা এটি গীত পুনৰ গুণগুণালে অনিমেষ শইকীয়াই

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:20 PM IST

thumbnail

কলিয়াবৰ, ২২ জানুৱাৰী: বহু বছৰৰ অপেক্ষাৰ আজি অন্ত পৰিল ৷ আজি অযোধ্যাত উদ্বোধন হ’ল ৰাম মন্দিৰ ৷ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ আজি সমগ্ৰ দেশজুৰি বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ ৷ ইয়াৰ ব্যতিক্ৰম নহয়, অসম ৷ ৰামৰ বন্দনাৰে মুখৰিত হ’ল অসমৰ সকলো মন্দিৰ ৷ নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিতো দেখা গ’ল উলহ-মালহ পৰিৱেশ ৷

উল্লেখ্য যে, কলিয়াবৰত শ্ৰীৰামচন্দ্ৰৰ গুণানুকীৰ্তন অতীজৰ চলি আছে । ৰাঘৱ পাঠো তেনে প্ৰচলিত ধাৰা । গুৰুজনাৰ অংকীয়া নাটৰ আৰ্হিত কলিয়াবৰত ৰচিত হোৱা পাতালীকাণ্ড ৰামায়ণত সাতোটা কাণ্ড বৰ্ণীত সাতটা গীত সন্নিৱিষ্ট আছিল । এই গীতসমূহ লৱ-কুশৰ কণ্ঠত থকা গীতসমূহ শিশুৰ জৰিয়তে গোৱা হৈছিল । তাৰে এটি গীত ২০১৫ চনত কলিয়াবৰত হোৱা অসম সাহিত্য সভাৰ ৭৩ সংখ্যক অধিৱেশনত 'কলিয়াবৰ আজীৱন কলিয়াবৰ' শীৰ্ষক প্ৰদৰ্শনীত তেতিয়াৰ আঠ বছৰীয়া শিশু অনিমেষ শইকীয়াৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল ।

কলিয়াবৰৰ সাংস্কৃতিক কৰ্মী-শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই গীতটি শ্ৰীশ্ৰীভলাগুৰি সত্ৰৰ ৰাজেন গোস্বামীৰ পৰা সংগ্ৰহ কৰিছিল । এই গীতটিৰ গায়ক অনিমেষ শইকীয়াই ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ শুভ দিনটোত গীতটি আকৌ এবাৰ গুণগুণাই আৰু দেশবাসীলৈ অভিনন্দন জ্ঞাপন কৰে । আনহাতে, কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰত এই উপলক্ষে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে ।

লগতে পঢ়ক: ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত আৱেগিক হৈ পৰিল চনু নিগম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.