যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদলত উত্তপ্ত পৰিস্থিতি - protest against caa

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:42 PM IST

thumbnail

যোৰহাট, 22 মাৰ্চ : লোকসভা নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতেই যোৰহাটত নগৰৰ মাজমজিয়াত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগৰ মাজমজিয়াত এক জোঁৰ সমদল বাহিৰ কৰে যুৱ ছাত্ৰ পৰিষদে ।  যুৱ ছাত্ৰ পৰিষদে বাহিৰ কৰা এই জোঁৰ সমদলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । উক্ত সমদলত যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী আৰু আৰক্ষীৰ মাজত টনা আজোঁৰা সৃষ্টি হয় ৷

আৰক্ষীয়ে কৰা টনা আজোঁৰাৰ ফলত যুৱ ছাত্ৰ পৰিসদৰ কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাৰ লগতে কেইবাজনো কৰ্মী শাৰীৰিকভাৱে আহত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । যুৱ ছাত্ৰ পৰিষদে কা বাতিলৰ দাবীত উলিওৱা সমদলৰ স্থান এক প্ৰকাৰ ৰণাংগনলৈ পৰিণত হয় । আনহাতে যুৱ ছাত্ৰ পৰিষদে হঠাতে উলিওৱা জোঁৰ সমদলৰ বাবে আৰক্ষীৰ ভিতচৰাত সৃষ্টি হৈছে তীব্ৰ খলকনিৰ ৷ বৰ্তমান যোৰহাটৰ ভিন্ন প্ৰান্তত নিৰাপত্তাৰক্ষী জোৱান মোতায়েন কৰা হৈছে ৷

লগতে পঢ়ক : নিৰ্বাচনত জয়ী হ'লে আধৰুৱা সকলো কাম সম্পূৰ্ণ কৰিম : তপন কুমাৰ গগৈ - BJP CANDIDATE TOPON KUMAR GOGOI

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.