Lurinjyoti Gogoi on Toll Tax Hike : টোল কৰ বৃদ্ধিয়ে পুনৰ জনসাধাৰণক মাধমাৰ শোধালে: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi on Toll Tax Hike

🎬 Watch Now: Feature Video

thumbnail
টোল কৰ বৃদ্ধি সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 3, 2024 at 9:45 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ৩ জুন : ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গ্ৰহণ কৰা নতুন সিদ্ধান্ত অনুসৰি দেওবাৰে নিশাৰে পৰা বৃদ্ধি পাইছে টোল কৰ ৷ যাৰ বাবে সোমবাৰৰ পৰা প্ৰযোজ্য হৈছে টোল গে'টত নতুন টোল কৰৰ নিৰিখ ৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যতো পুনৰ বৃদ্ধি পাইছে টোল কৰ । ৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে এই টোল কৰ ।  

ইতিমধ্যে টোল কৰ বৃদ্ধিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে টোল কৰ বৃদ্ধিক লৈ সৰৱ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । এই টোল কৰ বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে লুৰীণজ্যোতি গগৈয়ে ।

"বিজেপি চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ১৮০ শতাংশলৈ বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে । তাৰ উপৰি পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ চিলিণ্ডাৰ আদিৰ মূল্যও আকাশলঙ্ঘী হৈছে । আনহাতে, বিভিন্ন কৰ-কাটল বৃদ্ধিত জনসাধাৰণ অতিষ্ঠ হৈ অহাৰ সময়তে পুনৰ দেওবাৰে মাজনিশাৰ পৰা টোল কৰ বৃদ্ধি কৰি সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে ।" মাকুমৰ এখন দলীয় সভাত সোমবাৰে এই মন্তব্য কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।  

আনহাতে, অন্য ৰাজ্যত টোল কৰৰ হাৰ কম হোৱাৰ বিপৰীতে ধাৰত চলি থকা ৰাজ্য চৰকাৰখনে ঘাটি পূৰণৰ বাবেই এনেধৰণৰ জনবিৰোধী, সাধাৰণ জনতাৰ পৰিপন্থী সিদ্ধান্তসমূহ গ্ৰহণ কৰা বুলি তেওঁ মন্তব্য কৰে । লগতে টোল কৰ বহুওৱাৰ বিপৰীতে নিয়ন্ত্ৰণ কৰিবলৈহে দাবী উত্থাপন কৰে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক :যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক, টোল কৰত খালী হ’ব পাৰে পকেট - Toll Tax Rate Increase Expressway

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ : নগাঁও-যোৰহাটত জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা - AASU Protest In Assam