হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ অংশ বদৰুদ্দিন আজমলঃ লুৰীণজ্যোতি - Moran news

🎬 Watch Now: Feature Video

thumbnail
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (undefined)

By ETV Bharat Assamese Team

Published : January 24, 2024 at 1:19 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, ২৪ জানুৱাৰী : "এআইইফডিএফক বাদ দি সকলো বিৰোধী ৰাজনৈতিক দলে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত একলগ হৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ । কিন্তু শেহতীয়াকৈ এক সুবিধাজনক স্থিতিত থাকি ৰাজনৈতিক মন্তব্য কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ গৰম কৰি ৰাখিছে এআইইফডিএৰ মূৰব্বী বদৰুদ্দিন আজমলে ।" এই মন্তব্য় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । মঙলবাৰে মৰাণত এআইইফডিএৰ মূৰব্বী বদৰুদ্দিন আজমলক সমালোচনা কৰি এইদৰে মন্তব্য় কৰে গগৈয়ে ।

মঙলবাৰে মৰাণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে পুনৰ আইইফডিএফৰ মূৰব্বীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ কয়,"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এটা অংশ হৈছে বদৰুদ্দিন আজমল । বিজেপিৰ প্ৰয়োজন হ'লেই এটা সাম্প্ৰদায়িক মন্তব্য কৰি সমাজত বিভাজন আনিবলৈ চেষ্টা কৰে ।" বদৰুদ্দিন আজমলৰ দৰে সাম্প্ৰদায়িক শক্তিক নাইকীয়া কৰিব পাৰিলে সমাজখন ৰক্ষা কৰিব পাৰিব আৰু মানুহে বিচৰা শাসন ব্যৱস্থা অসমত বিচাৰি পাব বুলি মন্তব্য় কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক:ৰাম মন্দিৰৰ সন্দৰ্ভত ভুলকৈ বাতৰি প্ৰকাশ নকৰিবলৈ পশ্চিমীয়া সংবাদ মাধ্যমলৈ আহ্বান বিশ্ব হিন্দু পৰিষদৰ