চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে নলবাৰীত আছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 7:36 PM IST

thumbnail

নলবাৰী, 3 ফেব্ৰুৱাৰী : ৰাজ্যৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰে মষিমূৰ কৰাৰ বাবে উঠি-পৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ ৰাজ্যখনৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে আছু ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে ৷

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে, চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি নলবাৰী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ পৰা চহৰখনৰ মাজেৰে সমদল কৰি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷ এই বিক্ষোভ কাৰ্যসূচীত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকৰ লগতে কেইবাখনো আঞ্চলিকৰ বিষয়ববীয়াসহ সদস্য সকল উপস্থিত থাকে ৷ 

লগতে পঢ়ক :  অসম সাহিত্য সভাই মাধ্যম আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা উচিত : আছুৰ সভাপতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.