চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটত আছুৰ ১৩ ঘন্টীয়া অনশন

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 4:28 PM IST

thumbnail

যোৰহাট, 7 ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অসমীয়া মাধ্যম বিৰোধী হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ বিগত কেইবাটাও দিনত চৰকাৰী এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই চাইকেল ৰেলী, বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ পিচতে বুধবাৰৰ দিনটোত চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৱে ৰাজ্যজুৰি গ্ৰহণ কৰিছে 13 ঘন্টীয়া অনশন কাৰ্যসূচী ৷  

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে 13 ঘন্টীয়া অনশন কাৰ্যসূচী ৷ আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা 13 ঘন্টীয়া অনশন কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷ এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে আছুৰ সভাপতিজন ৷ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে, সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, শিক্ষক গোট আদিকে ধৰি বিভিন্ন দল-সংগঠনে ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে উঠা-বহা কৰা ৰণোজ পেগু এই ক্ষেত্ৰত নিমাত ৷

আছুৰ সভাপতি গৰাকীয়ে কয় যে, অসমীয়া ভাষাৰ এক ইতিহাস আছে ৷ সেয়েহে এই বিষয়ত হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৱে নিশাটোৰ ভিতৰতে গ্ৰহণ কৰা এই সিদ্ধান্ত কোনোপধ্যে গ্ৰহণযোগ্য নহয় ৷  অসমীয়া ভাষা জীয়াই ৰাখিবৰ বাবে তেজাল অসমীয়া যুৱকে প্ৰাণ আহুতি দিব লগা হৈছে ৷ সেই কথা ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ আছে ৷ আনহাতে যি সময়ত কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলে চিকিৎসা বিজ্ঞান, আভিযান্ত্ৰিকৰ পাঠ্যক্ৰম মাতৃভাষাত গ্ৰহণ কৰিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সময়ত অসম চৰকাৰে গ্ৰহণ কৰিছে অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত ৷ সেয়া কোনো কাৰণতে গ্ৰহণ কৰা নহ’ব বুলি মন্তব্য কৰে আছুৰ সভাপতি উৎপল শৰ্মাই ৷ 

লগতে পঢ়ক : মাধ্যম বিতৰ্ক : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ ১৩ ঘন্টীয়া অনশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.