প্ৰাৰ্থিত্ব লাভৰ পাচতেই প্ৰথম প্ৰতিক্ৰিয়া আপ নেতা মনোজ ধানোৱাৰৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 9:26 PM IST

thumbnail
আপ নেতা মনোজ ধানোৱাৰৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ডিব্ৰুগড়, 8 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ঘনে ঘনে সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ ৷ সকলো জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্য মঞ্চত শেহতীয়াকৈ ফাঁট মেলা পৰিলক্ষিত হৈছে ৷  

ইয়াৰ মাজতে বিৰোধী ঐক্য মঞ্চত থকাৰ পিচতো আপে নিজাববীয়াকৈ লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থী ৷ বিৰোধী ঐক্য মঞ্চই ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে আপে ৰাজ্যৰ তিনিটা লোকসভা সমষ্টিৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷  

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবেও দলৱো ঘোষণা কৰে প্ৰাৰ্থীৰ নাম ৷ ডিব্ৰুগড়ত আপৰ হৈ মনোজ ধানোৱাৰে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা ৷ প্ৰাৰ্থিত্ব লাভ কৰি চৰাইদেউ জিলাৰ সোণাৰিত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মনোজ ধানোৱাৰে ৷ দলীয় নেতৃত্বক ধন্যবাদ জনাই উন্নয়নৰ বাবে আপে কাম কৰি আহিছে, এনেবোৰ কাৰকে আপক নিৰ্বাচন জিকাত সহায় কৰিব বুলি মন্তব্য কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ৷ 

লগতে পঢ়ক : মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোলৈকে বুজাবুজিৰ চেষ্টা কৰিম: ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.