পূৰ্বেও বিজেপিত যোগদান কৰিবলৈ হেঁচা হিছিল স্বামীয়ে : মাচুমা বেগম

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:19 PM IST

thumbnail

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : গুৱাহাটী পৌৰ নিগমৰ 42 নং ৱাৰ্ডৰ পাৰিষদ মাচুমা বেগমৰ স্বামী বাবুল চহৰীয়াই বিজেপিত যোগদান কৰাক লৈ এতিয়া মুখ খুলিছে আপ নেত্ৰী গৰাকীয়ে ৷ মাচুমা বেগমৰ স্বামীয়ে বিজেপি দলত যোগদান কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাচতে এক সংবাদমেল সম্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ গৰাকীয়ে ৷ সংবাদমেলত বৰ্তমান স্বামীৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি বুলি অৱগত কৰে ৷ বৰ্তমান দুয়োজন বেলেগে বেলেগে থাকে বুলিও জানিবলৈ দিয়ে আপ নেত্ৰী গৰাকীয়ে ৷

মাচুমা বেগমে লগতে কয় যে তেওঁৰ স্বামী বিজেপি গ’লেও তেওঁ কেতিয়াও আপ এৰি নাযায় ৷ তেওঁৰ সৈতে বিজেপিৰ কোনো লোকে, কোনো ধৰণৰ যোগাযোগ কৰা নাই বুলি উল্লেখ কৰে আপ নেত্ৰী গৰাকীয়ে ৷ ইফালে সংবাদমেলত তেখেতৰ স্বামীয়ে তেওঁক দীৰ্ঘদিনৰ পৰা শাৰীৰিকভাবে অত্যাচাৰ কৰি অহাৰ অভিযোগো উত্থাপন কৰে ৷ স্বামীয়ে কৰা অত্যাচাৰৰ বিৰুদ্ধে ইতিমধ্যে বহুবাৰ থানাত গোচৰ দিয়া বুলিও জানিবলৈ দিয়ে মাচুমা বেগমে ৷  

আনহাতে সামাজিক ভাৱে তেওঁক হেয় প্ৰতিপন্ন কৰিবলৈ স্বামী বাবুল চহৰীয়াই বিজেপিত যোগদান কৰিছে বুলিও অভিযোগ কৰে মাচুমা বেগমে ৷ পূৰ্বেও স্বামীয়ে পাৰিষদ গৰাকীক বিজেপিত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল বুলি অভিযোগ কৰে আপ নেত্ৰী গৰাকীয়ে ৷ লগতে তেওঁৰ বিৰুদ্ধে শেহতীয়াকৈ যিমান ষড়যন্ত্ৰ হৈ আছিল সেই সকলোবোৰ স্বামীয়ে কৰা বুলিও উল্লেখ কৰে মাচুমা বেগমে ৷

লগতে পঢ়ক : এটা পচা আলুৰ বাবে কংগ্ৰেছ দল গেলিছে: ৰূপজ্যোতি কুৰ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.