তেজপুৰত আপৰ আৱতৰীয়া দেৱালী, লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাক লৈ হৰ্ষোল্লাস

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:33 PM IST

thumbnail

তেজপুৰ, ৮ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে তেজপুৰৰ আম আদমি পাৰ্টীৰ কাৰ্যালয়ত আৱতৰীয়া দেৱালীৰ পৰিৱেশৰ সৃষ্টি হয় ৷ ফটকা ফুটাই আনন্দ-উল্লাস কৰে আপৰ দলীয় কৰ্মী-সমৰ্থকসকলে ৷ উল্লেখ্য যে আম আদমি পাৰ্টীয়ে বৃহস্পতিবাৰে অসমৰ তিনিখন লোকসভা আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । তাৰে ভিতৰত এখন হৈছে শোণিতপুৰ লোকসভা সমষ্টিৰ আসন । 

শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে দলটোৰ অসমৰ সাংগঠনিক সম্পাদক তেজপুৰৰ ঋষিৰাজ কৌণ্ডিন্যৰ নাম ঘোষণাৰ পিছতে এনেদৰে আনন্দ-উল্লাসে নধৰা হৈছে দলীয় কৰ্মী-সমৰ্থকসকলৰ মাজত ৷ গুৱাহাটী, ডিব্ৰুগড়ৰ লগতে শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে আম আদমি পাৰ্টীৰ কেন্দ্ৰীয় নেতৃবৰ্গই নতুন দিল্লীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । 

তেজপুৰৰ কলিবাৰী নিবাসী ঋষিৰাজ কৌণ্ডিন্যই শোণিতপুৰ সমষ্টিৰ পৰা আম আদমি পাৰ্টীৰ প্ৰাৰ্থিত্ব লাভ কৰিছে । আনহাতে, প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিছতে দলীয় কৰ্মকৰ্তাই ঋষিৰাজ কৌণ্ডিন্যৰ জয় এক প্ৰকাৰ নিশ্চিত বুলি প্ৰকাশ কৰে । 

লগতে পঢ়ক :ইণ্ডি মিত্ৰজোঁটত ফাঁট ! অসমৰ ৩ লোকসভা আসনৰ বাবে আপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.