আম আদমী পাৰ্টিৰ মম যাত্ৰা - AAP PROTEST IN TEZPUR

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 9:38 PM IST

thumbnail

তেজপুৰ, ২৪ মাৰ্চ : মমৰ পোহৰত সংবিধান পঢ়িবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনালে আম আদমী পাৰ্টী প্ৰাৰ্থী ঋষিৰাজ কুণ্ডিল্যই । শোণিতপুৰ লোকসভাৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কুণ্ডিল্যৰ নেতৃত্বত দেওবাৰে সন্ধিয়া তেজপুৰ চহৰৰ মাজমজিয়াত অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীৰ ৭.৪৫ বজাত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

শাসকীয় চৰকাৰে দেশৰ আইন শৃংখলা আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰি আপৰ সমৰ্থকসকলে ক্ষোভ উজাৰে ৷ লগতে বিজেপিয়ে ইডিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত কৰে প্ৰতিবাদকাৰীসকলে । 

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া ই ডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ বাসগৃহৰ পৰা দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ পিচতে সমগ্ৰ দেশতে আপৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালক মুকলি কৰি দিয়াৰ দাবীত ৰাজ্যজুৰি আপৰ প্ৰতিবাদ - AAP Protest in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.