ডি ভোটাৰৰ সমস্যা শীঘ্রে সমাধানৰ দাবী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 7:26 AM IST

thumbnail

জোনাই, 3 ফেব্ৰুৱাৰী : জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগনত ডি ভোটাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সমৰাজ পুৰিয়ে । অসম চৰকাৰৰ কেবিনেটে গোৰ্খা জনগোষ্ঠীৰ ডি ভোটাৰ উঠাই লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু বৰ্তমান ভোটাৰ তালিকাত গোৰ্খা জনগোষ্ঠীৰ নামৰ আগত থকা ডি ভোটাৰ উঠাই লোৱাত বিভাগে দ্বায়িত্ব সহকাৰে কাম কৰা নাই বুলি অভিযোগ কৰে সভাপতিগৰাকীয়ে । 

বি এল অ'সকলে দ্বায়িত্ব সহকাৰে কাম নকৰাৰ অভিযোগ তুলিছে সভাপতিগৰাকীয়ে । শুকুৰবাৰে সমৰাজ পুৰিৰ নেতৃত্বত এটা সজাতি দলে জিলা নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি গোৰ্খা জনগোষ্ঠীৰ ডি ভোটাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত বহাৰ কথা সদৰী কৰে সভাপতিগৰাকীয়ে । তদুপৰি সভাপতিগৰাকীয়ে গোৰ্খা জনগোষ্ঠীৰ ডি ভোটাৰ নিস্পত্তিৰ কাম বিহুৰ পূৰ্বে হ’ব বুলি বিভাগে জনাইছিল । ইমান কম সময়ত প্ৰায় 11 শ ডি ভোটাৰক সামৰি লোৱা সম্ভৱ নহয় বুলি কয় পুৰিয়ে । 

ইতিমধ্যে প্ৰায় 70 গৰাকী ডি ভোটাৰৰ শুনানি গ্ৰহণ কৰিছিল বিভাগে । 

লগতে পঢ়ক: কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ডি ভোটাৰৰ ক্ষোভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.