নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 10:14 AM IST

Updated : Jan 26, 2024, 1:02 PM IST

thumbnail

নগাঁও, 26 জানুৱাৰী : আজি গণৰাজ্য দিৱস ৷ দেশে উদযাপন কৰিছে 75 সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ লগতে ৰাজ্যতো ঠায়ে ঠায়ে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷

নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন কৰা হয় । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । পতাকা উন্মোচন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

গণৰাজ্য দিৱস উপলক্ষে নুৰুল অমিন ষ্টেডিয়ামত বিভিন্ন প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয় । ইপিনে নগাঁও প্ৰেছ ক্লাৱতো পুৱাই ৰাষ্ট্ৰীয় পতাকা উন্মোচনেৰে উদযাপন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস । প্ৰেছ ক্লাৱত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে প্ৰেছ ক্লাৱৰ উপ-সভাপতি তপন কুমাৰ বৰাই ।

লগতে পঢ়ক : ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস

Last Updated : Jan 26, 2024, 1:02 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.