ওদালগুৰিতো উদযাপন 75 সংখ্যক গণৰাজ্য দিৱস

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:03 PM IST

thumbnail

ওদালগুৰি, 26 জানুৱাৰী: শুকুৰবাৰে সমগ্ৰ দেশে উদযাপন কৰিলে 75 সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো গণৰাজ্য দিৱস উদযাপন কৰা হয় ।

ওদালগুৰিৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান একত্ৰিত হৈ প্ৰতিবছৰে উদযাপন কৰি আহিছে গণৰাজ্য দিৱস ৷ এইবেলিও ওদালগুৰিত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় গণৰাজ্য দিৱস ৷  পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।

উক্ত অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰে । ইয়াৰোপৰি সাংস্কৃতিক দলসমূহে নৃত্য-গীত পৰিৱেশন কৰে । সাংবাদিকৰে হোৱা বাৰ্তালাপত গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে জাতিৰ পিতা মহাত্মী গান্ধীৰ লগতে স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ কৰে ৷ ইয়াৰোপৰি তেওঁ গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷

লগতে পঢ়ক: কৰ্তব্য পথত ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.