আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত ৫৫০ গছি বন্তি প্ৰজ্বলন

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:10 PM IST

thumbnail

মাজুলী,২২ জানুৱাৰী : বহু অপেক্ষাৰ অন্তত আজি অযোধ্যাত শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হয় । এই বিশেষ ক্ষণত ৰাজ্যত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ৰাজ্যৰ বিভিন্ন সংগঠন তথা প্ৰতিষ্ঠানে প্ৰাণ প্ৰতিষ্ঠাক লৈ কাৰ্যসূচী ৰূপায়ণ কৰিছে । তাৰ অংশস্বৰূপে সদৌ অসম ভাওনা সমাৰোহত ৫৫০ গছি বন্তি প্ৰজ্বলন কৰা হয় ।

যোৱা ১৮ জানুৱাৰীৰ পৰা মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হৈ আছে সদৌ অসম ভাওনা সমাৰোহ ২০২৪ । তাৰ মাজতে সোমবাৰে মণিকাঞ্চন ৰংগক্ষেত্ৰৰ বাকৰিত প্ৰথম ভাওনা আৰম্ভ হোৱাৰ পূৰ্বে এই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী, ডেকা সত্ৰাধিকাৰৰ লগতে মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেণ শইকীয়াসহ কেইবাগৰাকী । ইফালে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁৰ পদক্ষেপৰ শলাগ লয় ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে চৰ্চাত দক্ষিণ কামৰূপৰ এখন আশ্ৰম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.