৩৫ সংখ্যক পথ সুৰক্ষা মাহ পালন, বৰপেটাত বাহিৰ সজাগতা সমদল - Barpeta news
🎬 Watch Now: Feature Video


Published : January 29, 2024 at 10:48 PM IST
বৰপেটা, ২৯ জানুৱাৰী : ৩৫ মাহ পথ সুৰক্ষা মাহ পালনৰ অংশ হিচাপে আজি বৰপেটা জিলা পৰিবহন বিভাগৰ উদ্যোগত বৰপেটাত এক সজাগতা সমদল উলিওৱা হয় । দুচকীয়া মটৰ চাইকেলৰ এই শোভাযাত্ৰাত পথ সুৰক্ষাৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগা সকলো নীতি-নিয়ম প্ৰদৰ্শন কৰা হয় । বৰপেটা চহৰৰ বাছ আস্থানৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই সজাগতা যাত্ৰাই বৰপেটা চহৰৰ অধিকাংশ মূল পথ পৰিভ্ৰমণ কৰে ।
এই যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰা জিলা আয়ুক্ত আয়ুষ গৰ্গে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে পালন কৰা পথ সুৰক্ষা সপ্তাহত পথ দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস কৰিবলৈ বৰপেটা জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এনে সজাগতা কাৰ্যসূচী বছৰৰ অন্য দিনবোৰতো সময়ে সময়ে ৰূপায়ণ কৰা হয় ।
ইয়াৰ পৰিপ্ৰেক্ষিতত বৰপেটা জিলাত পথ দুৰ্ঘটনাৰ হাৰ পূৰ্বৰ তুলনাত ৪৬ শতাংশ হ্ৰাস হোৱা বুলি জিলা আয়ুক্তগৰাকীয়ে সদৰী কৰে । এই হাৰ অধিক হ্ৰাস কৰিবলৈ বৰপেটা জিলাত সজাগতা সৃষ্টিৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলিও জিলা আয়ুক্তগৰাকীয়ে জনায় ।
সমদলটোত বৰপেটাত আৰক্ষী অধীক্ষক অমিতাভ সিনহায়ো অংশগ্ৰহণ কৰে ৷ সজাগতা সমদলৰ শেষত বাছ আস্থানত এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয় ৷
লগতে পঢ়ক : ৰকিবুল হুছেইনৰ মতে বদু ভাই এইবাৰ নিৰ্বাচনত হাৰিব