কাছাৰৰ পৰা তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 10:20 AM IST

thumbnail

হাফলং,২১ ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ । সমান্তৰালভাৱে অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । এইবাৰ কাছাৰ জিলাত চলিল ডিমা হাছাও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । কাছাৰ জিলাৰ পৰা তিনিটাকৈ ড্ৰাগছ সৰৱৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে । এই তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে ডিমা হাছাও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল । মঙলবাৰে এই তিনি ড্ৰাগছ সৰবৰাহকাৰীক কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰি হাফলঙলৈ লৈ অনা হয় ।

যোৱা ১৫ ফেব্ৰুৱাৰীত বাউৰিংদাও ওয়াৰিশা নামৰ এটা ড্ৰাগছ সৰৱৰাহকাৰীক ডিমা হাছাও জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । এই ড্ৰাগছ সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিমা হাছাও জিলাৰ আৰক্ষীয়ে কাছাৰ জিলাত এক অভিযান চলাই আজমল হুছেইন আহমেদ ওৰফে কাকু, ৰাজীৱ নাথ আৰু চাহিদ নামৰ তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আজমল হুছেইন আহমেদৰ পৰা ৪০ গ্ৰাম হেৰ'ইন ৰাজীৱ নাথৰ পৰা ১৫ গ্ৰাম হেৰ'ইন চাহিদৰ পৰা ৪০ গ্ৰাম হেৰ'ইন জব্দ কৰে বুলি জানিবলৈ দিয়ে ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে । মঙলবাৰে ধৃত সৰবৰাহকাৰী কেইটাক আদালতত হাজিৰ কৰোৱাৰ পিছত তিনিওকে জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.