সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তীৰ দ্বিতীয়টো দিন

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 5:57 PM IST

thumbnail

মৰিগাঁও, 28 জানুৱাৰী : দেওবাৰে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তীৰ আজি দ্বিতীয়টো দিন । মৰিগাঁও মহাবিদ্যালয়ৰ খেলপথাৰৰ প্ৰয়াত শিশুৰাম হাজৰিকা সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশ । দেওবাৰে মৰিগাঁও জিলা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা সমন্বয় ক্ষেত্ৰৰ পৰা উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ৷ অসমৰ জাতি-জনগোষ্ঠীক প্ৰতিনিত্ব কৰা সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰা এই শুভাযাত্ৰাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

লক্ষণীয় যে,  মৰিগাঁও জিলাত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী আৰু কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিৱেশন ৷ আজি দ্বিতীয় দিনৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ পিচতেই কৃষক, কৃষি বিজ্ঞানীসকলৰ মাজত মত বিনিময় কৰাৰ লগতে আৰু জিলাখনৰ বিভিন্ন ক্ষেত্ৰত কৃষি খণ্ডৰ সেৱা আগবঢ়োৱা 75 গৰাকী বিশিষ্ট কৃষকক সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক: Bismita Gogoi: পদুমৰ প্ৰেমত পৰি হাতক বাই বাই বিস্মিতা গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.