ৰামময় সমগ্ৰ দেশ: ১০ হাজাৰ বন্তি প্ৰজ্জ্বলনেৰে আলোকিত হ’ল সৰুপথাৰ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:45 PM IST

thumbnail

সৰুপথাৰ, ২২ জানুৱাৰী : আজি প্ৰাণ প্ৰতিষ্ঠা হ’ল অযোধ্যাত ৰাম মন্দিৰৰ । সমগ্ৰ দেশৰ লগতে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । বাদ পৰি ৰোৱা নাই গোলাঘাটৰ সৰুপথাৰো ৷ জয় শ্ৰীৰাম ধ্বনিত মুখৰিত হৈ পৰিল সৰুপথাৰৰ আকাশ-বতাহ ।

আনকি সৰুপথাৰ আৰু বৰপথাৰ নগৰৰ মাজমজিয়াত ৰাইজে প্ৰজ্জ্বলন কৰিলে ১০০০০ গছি বন্তি । সোমবাৰে বিয়লিৰ ভাগত সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনেও ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন কৰা দেখিবলৈ পোৱা গ'ল । একপ্ৰকাৰে সোমবাৰে বিয়লিৰ ভাগত সৰুপথাৰত দীপাৱলীৰ দৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, সোমবাৰে ৰামময় হৈ পৰিল সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তও । সৰুপথাৰ অঞ্চলৰ পদূলিয়ে পদূলিয়েও ৰাইজে প্ৰজ্জ্বলন কৰিলে বন্তি । আনকি পুৱাৰে পৰা ধনশিৰি মহকুমাত যজ্ঞ, কীৰ্তন, বিশাল শোভাযাত্ৰা আদিৰো আয়োজন কৰা হৈছিল ৷ এক কথাত ক’বলৈ গ’লে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল দেশ তথা বিশ্ববাসী ।

লগতে পঢ়ক : পৰম্পৰাগত পোছাকত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নেতৃত্ব প্ৰধানমন্ত্ৰী মোদীৰ; গৃহ মন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.