ETV Bharat / state

গৰম তেলৰ আক্ৰমণত শিশুসহ পাঁচগৰাকী মহিলা আহত - Shocking incident in Amingaon

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 7:47 PM IST

Severe burn injuries : উতলা তেলেৰে এটা মহিলাৰ দলক আক্ৰমণ কৰাত এটি শিশু‌সহ পাঁচগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

WOMAN SPILLS HOT OIL ON NEIGHBOURS
ভয়ংকৰ ঘটনা (ETV BHARAT ASSAM)

আমিনগাঁও, 26 মে’ : গৰম তেলৰ আক্ৰণত আহত শিশুসহ পাঁচগৰাকী মহিলা ৷ আন এগৰাকী মহিলাই ভুক্তভোগী শিশুসহ পাঁচগৰাকী মহিলাৰ ওপৰত গৰম তেলেৰে আক্ৰমণ চলায় ৷ আমিনগাঁৱৰ ইচপাত নগৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷

মহিলা-শিশুৰ ওপৰত গৰম তেলেৰে আক্ৰমণ (ETV BHARAT ASSAM)

জানিব পৰা মতে জোনালী হাজৰিকা কলিতা নামৰ এগৰাকী মহিলাই উতলা গৰম তেলেৰে এটা মহিলাৰ দলক আক্ৰমণ কৰাত এটি শিশু‌সহ পাঁচগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে ৷ আঘাতপ্ৰাপ্ত পাঁচ বছৰীয়া শিশুটোৰ নাম সোণমনি বড়ো ৷ আনহাতে এই ঘটনাত মিনতি বড়ো, চকিনা বিবি, প্ৰীতি বেগম,পদুমী বড়ো আৰু মিনা বড়ো নামৰ পাঁচগৰাকী মহিলা আহত হৈছে ৷ ঘটনাত আঘাতপ্ৰাপ্তসকলক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে উত্তৰ গুৱাহাটী (গৌৰীপুৰ) আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

ইফালে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত জোনালী হাজৰিকা কলিতা নামৰ মহিলাগৰাকীক আটক কৰি আৰম্ভ কৰিছে তদন্তৰ ৷ জানিব পৰা মতে কোনো এক ঘটনাক কেন্দ্ৰ কৰি জোনালীয়ে শুকুৰবাৰে আক্ৰমণ কৰিছিল প্ৰতিৱেশী মহিলা কেইগৰাকীক ৷ তাৰ পিচতেই স্থানীয় মহিলাসকলে অনুষ্ঠিত কৰিছিল "বিচাৰ মেল" ৷ এই ৰাজহুৱা বিচাৰ মেললৈ জোনালীক মতা হৈছিল যদিও তেওঁ ৰাইজৰ কথাত গুৰুত্ব নিদি মেলত উপস্থিত হোৱা নাছিল ৷ তাকে লৈ মহিলা সকলে জবাবদিহি কৰিছিল আক্ৰমণকাৰী জোনালীক ৷

নিজৰ দোকানত গৰম পকৰি ভাজি থকা জোনালীয়ে প্ৰথমে মহিলাসকলৰ লগত তৰ্কযুদ্ধত লিপ্ত হয় যদিও পিচলৈ উতলা গৰম তেলেৰে আক্ৰমণ কৰে মহিলাৰ দলটোক ৷ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আমিনগাঁও ইচপাত নগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু দোষীক উপযুক্ত শাস্তি‌ বিহিবলৈ দাবী জনাইছে ভুক্তভোগীৰ লগতে ৰাইজে ৷

লগতে পঢ়ক : তিনিচুকীয়াৰ নিচামুক্তি কেন্দ্ৰত কি চলিছে ? ভুক্তভোগীৰ বিস্ফোৰক অভিযোগ - Rehabilitation Cente In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.