ETV Bharat / state

'কা' বলৱতে নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিবনে ?

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:52 PM IST

CAA Implementation: NRCত সন্নিবিষ্ট নামৰ তালিকাৰ বাহিৰৰ লোকে ‘কা’ৰ জৰিয়তে নাগৰিকত্ব নাপায় বুলি ক’লে মুখ্যমন্ত্ৰীয়ে ৷ বিপৰীতে ভোটৰ স্বাৰ্থত বিজেপি চৰকাৰে বিদেশীক নাগৰিকত্ব দি সকলো সুবিধা প্ৰদান কৰিব বুলি আশংকা আছে বহুতৰ মনত ৷ কি প্ৰভাৱ পৰিব নিৰ্বাচনত ? জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ৷

কা বলৱৎ
CAA impact on Lok sabha election

তেজপুৰ, ১৫ মাৰ্চ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ‘কা’ৰ সন্দৰ্ভত মন্তব্য কৰে যে এন আৰ চিত সন্নিবিষ্ট নামৰ তালিকাৰ বাহিৰৰ কোনো ব্যক্তিয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিব নোৱাৰিব । এন আৰ চিৰ তালিকাখনত সন্নিবিষ্ট থকা লোকেহে নাগৰিকত্ব সংশোধনী অধীনত নাগৰিকত্বৰ বাবে উপযোগী আৰু ইয়াৰ বাহিৰে যদি এখনো আবেদন গ্ৰহণ কৰা হয় তেতিয়া মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি মন্তব্য কৰিছে ।

শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ সময়সূচী । লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত এই ‘কা’ বলৱৎ কৰা হ’ল ৷ সমান্তৰালভাৱে দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত ৰাখিছে আৰু আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰায় ২০০ খন আবেদন দাখিল হৈছে আৰু উচ্চতম ন্যায়ালয়ে সকলো আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । লোকসভা নিৰ্বাচনত এই বিতৰ্কিত আইনখনে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব তাক লৈ চর্চা চলিছে বিভিন্ন সচেতন মহলত ।

একাংশ সাধাৰণ লোকৰ মতে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে, কিন্ত তেওঁলোকে কেমেৰাৰ সন্মুখত মন্তব্য নকৰে । বিৰোধীৰ মতে এই আইনে অসমৰ জাতীয় জীৱনত ব্যাপক প্ৰভাৱ পেলাব । ছাত্ৰ সংগঠনৰ মতে 'কা' গৃহীত হোৱা দিনটো অসমীয়া জাতিৰ বাবে এটা ক'লা দিন ৷ বহুতৰ মতে নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত দিল্লীৰ পদলেহন কৰি জীয়াই থাকি ভালপোৱা সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোক দুজনৰ অনুচৰ বাহিনীয়ে নিজৰ মাতৃভূমিকো হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হ'বলৈ কুণ্ঠাবোধ নকৰিলে ৷

এই অক্ষমনীয় অপৰাধৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা জাতীয় খলনায়ক হিচাপে আজীৱন চিহ্নিত হৈ ৰ’ব বুলিও বহুতে কৈছে ৷ তদুপৰি এই দুই খলনায়কৰ এনে আত্মসমৰ্পন তথা উক্ত জাতিদ্ৰোহী কাণ্ড ইতিহাসৰ পাতত ক'লা আখৰেৰে চিৰদিন খোদিত হৈ থাকিব বুলি মন্তব্য কৰিছে একাংশই ৷ কিন্ত এই সকলো বিষয়ে নিৰ্বাচনত প্ৰভাৱ পেলাবনে ?

'কা'বিৰোধী আন্দোলন আৰম্ভ হৈছিল ২০১৯ চনত, যেতিয়া নাগৰিকত্ব সংশোধনী বিল সংসদত অনা হৈছিল আৰু পৰৱৰ্তী সময়ত ইয়াক আইনত পৰিণত কৰিছিল । অসমত এই আন্দোলনৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হৈ পাঁচজন নিৰীহ যুৱকে প্ৰাণ হেৰুৱাইছিল । উক্ত আন্দোলনৰ এটা বছৰৰ পিচত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় ৷ উক্ত নিৰ্বাচনত বিজেপি দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল । সেই দিশৰ পৰা দেখা যায় যে যেতিয়া ব্যাপক আন্দোলনৰ প্ৰভাৱ অসমত আছিল, সেইসময়তো শাসকীয় দলে অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷

'কা' গৃহীত হোৱাৰ পিচত বিশেষকৈ অসমত থলুৱা লোকৰ মাজত এক ভিতৰুৱা আশংকা নোহোৱা নহয় । অসমৰ লোকে আশংকা কৰে যে যদি কিবা কাৰণত পাঁচখন দেশৰ পৰা ধৰ্মীয় সংখ্যালঘু লোকে অসমত এন আৰ চিৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব । এন আৰ চিত বিদেশী বুলি চিনাক্তকৰণ হোৱা বিদেশীক ভোট লাভৰ স্বাৰ্থত বিজেপি চৰকাৰে নাগৰিকত্ব প্ৰদান আৰু হিন্দু বাংলাদেশীক মাটিৰ অধিকাৰ, নিযুক্তিৰ সুবিধা আৰু ৰাজনৈতিক সুবিধা প্ৰদান কৰিব বুলি অভিযোগ উত্থাপিত হৈছে ।

আনহাতে বাংলাদেশৰ লোকপিয়লত ২০১৬ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৩৯ লাখ হিন্দু বাংলাদেশী অন্তৰ্ধান হোৱাৰ ভয়াবহ তথ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিচত অসমৰ থলুৱা লোকৰ ভৱিষ্যৎ সম্পৰ্কে আশংকা প্ৰকাশ পাইছে । উল্লেখযোগ্য যে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ সময়তে বাংলাদেশ চৰকাৰৰ ব্যুৰ' অব ষ্টেটিছটিকছৰ এক তথ্য অনুসৰি ২০১৫ চনৰ ডিচেম্বৰত বাংলাদেশত হিন্দু জনসংখ্যা ১ কোটি ৭০ লাখলৈ বৃদ্ধি পাইছিল, কিন্ত এই 'কেব' উত্থাপন হোৱাৰ পিচত ২০২২ চনৰ লোকপিয়লত এই সংখ্যা হ্ৰাস পাই ১ কোটি ৩১ লাখ হয় ।

স্বাভাৱিকতে ই এক আশ্চৰ্যকৰ বিষয় আৰু যদি সেয়াই হয়, বৰ্তমান গৃহীত হোৱা 'কা'ই নিৰ্বাচনত হয়তো কিছু প্ৰভাৱ বিস্তাৰ কৰিব পাৰে । আনহাতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে বৰ্তমানলৈকে অসমত কোনো লোকে আবেদন কৰা নাই । গতিকে পৰৱৰ্তী সময়ত এই বিষয়ত স্পষ্ট হ’ব ।

লগতে পঢ়ক: চিএএ ৰূপায়ণৰ সৈতে আৰম্ভ হ'ব পাৰে বায়'মেট্ৰিক আনলক প্ৰক্ৰিয়া; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.