ETV Bharat / state

ৰোমানিয়াৰ জাহাজত আলফাৰ অস্ত্ৰ অহাৰ পিচত কেনেকৈ বন্দী হৈছিল পৰেশ বৰুৱা ?

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 6:18 PM IST

Updated : Feb 12, 2024, 6:55 PM IST

ULFA: The Mirage of Dawn
পৰেশ বৰুৱাৰ অৱস্থিতি বৰ্তমান ক’ত ?

ULFA: The Mirage of Dawn : এদিন-দুদিন নহয়, দুমাহে বন্দী হৈ আছিল পৰেশ বৰুৱা ৷ কিন্তু ক’ত ? কিয় ? কোন ডিজিপিয়ে ছালফাৰ হতুৱাই গুলীয়াই হত্যা কৰাইছিল সাংবাদিক অনিল মজুমদাৰক ৷ এনে অলেখ প্ৰশ্নৰ উত্তৰ আছে ‘‘আলফা : দ্য মিৰাজ অফ ডন’’ত ৷

পৰেশ বৰুৱাৰ অৱস্থিতি বৰ্তমান ক’ত ?

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী : পৰেশ বৰুৱাৰ অৱস্থিতি বৰ্তমান ক’ত ? বিশ্বৰ কোনটো প্ৰান্তত আত্মগোপন কৰি আছে পৰেশ বৰুৱাই ৷ চোৰাংচোৱা সংস্থাই হওক বা সংবাদ মাধ্যম সমূহেই হওক সততে পৰেশ বৰুৱাৰ অৱস্থিতিক লৈ উদ্বিগ্ন হৈ থাকে ৷ বিগত প্ৰায় চাৰিটা দশকজুৰি চলি আহিছে এই উদ্বিগ্নতা ৷

পৰেশ বৰুৱাই আলফা স্বাধীনৰ শিৱিৰত সময়ে সময়ে বন্দী হৈছে বিভিন্নজন, প্ৰাণো হেৰুৱাবলগীয়া হৈছে বহুতৰে ৷ কিন্তু আপুনি কল্পনা কৰিব পাৰেনে পৰেশ বৰুৱা নিজেই প্ৰায় দুমাহ ধৰি বন্দী হৈ আছিল শত্ৰুৰ কাৰাগাৰত ৷ হয়তো অসমৰ ৰাইজে ঘূণাক্ষৰেও জনা নাছিল সেই কথা ৷ যি কথা পৰেশ বৰুৱাই কোনো কালে এই কথা ৰাজহুৱাও কৰা নাই ৷

1993 চনত বাংলাদেশৰ চোৰাংচোৱা সংস্থা DGFI ৰ হাতত ধৰা পৰিছিল আলফাৰ সৰ্বাধিনায়কজন ৷ সেই সময়ত প্ৰায় দুমাহ বাংলাদেশত DGFI ৰ বন্দী হিচাবে সময় পাৰ কৰিবলগা হৈছিল পৰেশ বৰুৱাই ৷ আনকি সেই সময়ত কাৰাবন্দী পৰেশ বৰুৱাই বাংলাদেশৰ জেলৰ ভিতৰতো অনশনতো বহিছিল ৷

আচলতে সমগ্ৰ ঘটনাৰ ক্ৰম আছিল এনেকুৱা- সেই সময়ত ৰোমানিয়াৰ পৰা এখন জাহাজেৰে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আলফাৰ বাবে অনা হৈছিল বাংলাদেশলৈ ৷ ৰোমানিয়ান জাহাজেৰে আহি বাংলাদেশত লংগৰ পেলোৱাৰ সময়তেই ধৰা পৰে DGFI ৰ হাতত ৷ জাহাজত কঢ়িয়াই অনা অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে DGFI এ ৷ সেই গোচৰতে DGFI এ পৰেশ বৰুৱাক গ্ৰেপ্তাৰ কৰে আৰু প্ৰায় দুমাহ দেশখনৰ মীৰপুৰ কাৰাগাৰত বন্দী কৰি ৰাখে ৷

অৱশ্যে পৰৱৰ্তী সময়ত দেশখনৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাত পৰেশ বৰুৱা কাৰামুক্ত হয় ৷ কাৰামুক্ত হোৱাত সেই যে মুকলি হ’ল তাৰ পিচৰে পৰাই আজি পৰ্যন্ত কোনেও নাজানে পৰেশ বৰুৱাৰ অৱস্থিতি ৷ পৰেশ বৰুৱা, আলফা, আলফা স্বাধীন আৰু অসমৰ ৰাজনীতি-সমাজনীতিৰ বহু অজানা তথ্য সামৰি প্ৰকাশ কৰা হৈছে এখন গ্ৰন্থ ৷

ভাৰতবৰ্ষৰ প্ৰখ্যাত প্ৰকাশন গোষ্ঠী হাৰ্পাৰ কলিঞ্চে প্ৰকাশ কৰি উলিওৱা ইংৰাজী গ্ৰন্থখনৰ নাম হৈছে ‘‘আলফা : দ্য মিৰাজ অফ ডন’’ ৷ গ্ৰন্থখনৰ লেখক জ্যেষ্ঠ সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য ৷ শনিবাৰে নতুন দিল্লীৰ প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াত এই গ্ৰন্থখন বিশ্বৰ বজাৰৰ বাবে মুকলি কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৷ গ্ৰন্থখন মুকলি কৰে ম্যানমাৰত থকা ভাৰতীয় দূতাবাসৰ প্ৰাক্তন ৰাষ্ট্ৰদূত ৰাজীৱ ভাটিয়া আৰু ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন পৰামৰ্শদাতা মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) দীপাংকৰ বেনাৰ্জীয়ে ৷

নিঃসন্দেহে এই গ্ৰন্থখনত সন্নিবিষ্ট হোৱা অথচ আজিলৈকে অন্ধকাৰতে ৰৈ যোৱা বহু তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিব ৷ কিয়নো এসময়ৰ বলিষ্ঠ সাংবাদিক অনিল মজুমদাৰক হত্যা কৰিবলৈ সেই সময়ৰ অসম আৰক্ষীৰ এজন ডিজিপি পৰ্যায়ৰ বিষয়াই ছালফাৰ এটা দলক নিয়োগ কৰিছিল আৰু সেই ছালফাৰ গুলীতেই গুৱাহাটীৰ মাজমজিয়াত বুলেটবিদ্ধ হৈ ঢলি পৰিছিল সাংবাদিকজন ৷

এই সকলো তথ্য সন্নিবিষ্ট কৰা হৈছে ‘‘আলফা : দ্য মিৰাজ অফ ডন’’ত ৷ কেৱল ইমানেই নহয় অসমৰ এগৰাকী বিশিষ্ট লেখকৰ পিতৃয়ে আলফাৰ অস্ত্ৰ-শস্ত্ৰ প্ৰশিক্ষণত কিদৰে সহায় কৰিছিল সেই তথ্যও উদঙাই দিয়া হৈছে এই গ্ৰন্থখনত ৷ বাংলাদেশত পৰেশ বৰুৱাৰ ওপৰত চাৰিবাৰকৈ চলিছিল ভয়ংকৰ আক্ৰমণ ৷ কিন্তু প্ৰতিবাৰেই দৈৱক্ৰমে প্ৰাণৰক্ষা পৰিছিল পৰেশ বৰুৱাৰ ৷ এনেধৰণৰ অনেক ভিতৰুৱা, গোপন তথ্য গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিবিষ্ট হৈ আছে ৷

লগতে পঢ়ক : অসমৰ বৃহত্তৰ স্বাৰ্থত আলোচনাত বহক পৰেশ বৰুৱা: ভৱেশ কলিতা

Last Updated :Feb 12, 2024, 6:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.