ETV Bharat / state

কলিয়াবৰৰ এজোপা বিশেষ কৃষ্ণচূড়া ৰোপণ কৰিছিল কোনগৰাকী মুখ্য়মন্ত্ৰীয়ে ? - A special tree in Kaliabor

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 9:26 PM IST

Van Mahotsav: ২০১৭ বৰ্ষত ৬৮ সংখ্যক বন মহোৎসৱত কলিয়াবৰৰ পৰা বোকাখাতলৈকে ২৮ হাজাৰ গছপুলি ৰোপণ আঁচনি ৰূপায়ণ কৰা হৈছিল । সেই সময়ত ৰোপণ কৰা এডাল গছক লৈ আজি চলিছে চৰ্চা ।

Plantation Scheme in Assam
কলিয়াবৰৰ কৃষ্ণচূড়া ৰুইছিল কোনে ? (ETV BHARAT ASSAM)

কলিয়াবৰ, ২৫ মে': কলিয়াবৰৰ এজোপা বিশেষ কৃষ্ণচূড়া গছ । এই গছজোপাক লৈ এতিয়া ৰাইজৰ মাজত চলিছে চৰ্চা । বিগত সাত বছৰেই এই কৃষ্ণচূড়াজোপাক আপদাল কৰিছে এজন প্ৰকৃতিপ্ৰেমীয়ে । ২০১৭ বৰ্ষৰ বন মহোৎসৱত ৰোপণ কৰা এইজোপা কৃষ্ণচূড়া গছ আজি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিয় ? সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ আঁৰত আছে কোন ব্য়ক্তি ? এতিয়া উৎকট গৰমত এইজোপা বিশেষ গছেও ছাঁ দিছে পথচাৰীক ।

এই কৃষ্ণচূড়াজোপাৰ সৈতে জড়িত হৈ আছে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম । ২০১৭ বৰ্ষত ৬৮ সংখ্যক বন মহোৎসৱ উপলক্ষে কলিয়াবৰৰ পৰা বোকাখাতলৈকে ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰা হৈছিল বিভিন্ন মূল্য়বান গছ । বন মহোৎসৱ উপলক্ষে কলিয়াবৰত এই কৃষ্ণচূড়াজোপা ৰোপণ কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কলিয়াবৰত ৰোপণ কৰা এই বিশেষ গছপুলিটো প্ৰতিদিনে প্ৰতিপালন কৰি ডাঙৰ-দীঘল কৰিলে প্ৰকৃতিপ্ৰেমী মৃণাল বৰাই ।

কলিয়াবৰৰ মাধৱ গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰোপণ কৰিছিল এই কৃষ্ণচূড়া গছৰ পুলিটো । সৰ্বানন্দ সোণোৱালে ৰোপণ কৰা এই বিশেষ গছজোপাই আজি প্ৰচণ্ড গৰমত পথাচাৰীক ছাঁ দিছে ।

উল্লেখ্য যে ২০১৭ বৰ্ষত ৬৮ সংখ্যক বন মহোৎসৱ উপলক্ষে কলিয়াবৰৰ পৰা বোকাখাতলৈকে ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এজাৰ, সোণাৰু, কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ ২৮ হাজাৰ গছপুলি ৰোপণ আঁচনিৰ কলিয়াবৰ মাধৱ গাঁৱত শুভাৰম্ভ কৰিছিল সৰ্বানন্দ সোণোৱালে । এতিয়া অঞ্চলটোৰ ৰাইজে এই গছজোপাক লৈ গৌৰৱবোধ কৰে ।

লগতে পঢ়ক:সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ চতুৰ্থ বৰ্ষপুতি

মৰুভূমিক বাসোপযোগী কৰি তোলাৰ লক্ষ টি এম পি কে-ৰ - TMPK Tree Plantation Programme

মই বেছিদিন জীয়াই নাথাকো, কিন্তু গছপুলিবোৰ বহু বছৰলৈ থাকিব: ধৰণী সেউজ কৰাৰ পণ কুদৰতৰ - Naturalist Kudrat Ali

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.