ETV Bharat / state

ডায়েটিং নকৰাকৈ ওজন হ্ৰাস কৰক, কেৱল এনেদৰে খাওক খাদ্য - Weight Loss Without Deit

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 6:46 PM IST

WEIGHT LOSS TIPS : নিজকে ফিট কৰি ৰাখিবলৈনো কাৰ মন নাযায় ৷ সাধাৰণতে নিজকে ফিট কৰি ৰাখিবলৈ মানুহক ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কিন্তু এইবাৰ আমি আপোনালোকলৈ লৈ আহিছো ব্যায়াম অবিহনে কেনেকৈ আপোনাৰ ওজন হ্ৰাস কৰিব ?

WEIGHT LOSS WITHOUT DEIT
ডায়েটিং নকৰাকৈ ওজন হ্ৰাস কৰক, কেৱল এনেদৰে খাওক খাদ্য (Getty Images File Photo)

বৰ্তমান সময়ত, বেছিভাগ লোক মেদবহুলতাৰ চিকাৰ হোৱা দোখা যায় ৷ বিভিন্ন সময়ত লোকসকলে নিজকে ফিট ৰাখিবলৈ বহুতো প্ৰচেষ্টা কৰা দেখা যায় ৷ বহু লোকে ব্যায়াম কৰাৰ এলাহত আনকি বহু লোকে ঔষধো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । ওজন হ্ৰাস কৰিবলৈ বহুতো লোকে ক্ৰেছ ডায়েট কৰাও দেখা যায় ৷ আনকি কিছু লোকে হঠাতে খোৱা বন্ধ কৰাও দেখা যায় ।

কিন্তু ডায়েট আপোনাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানেনে ? এনে ডায়েটিঙে আপোনাৰ শৰীৰটোক ৰুগীয়া কৰে । আহাৰ বাদ দিয়াটো আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হিচাপে পৰিগণিতহে হয় ৷ ইয়াৰ বহুতো পাৰ্শ্বক্ৰিয়াও থাকে ।

আনকি চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰি, কম খাদ্য খোৱা বা আহাৰ এৰাটো ওজন হ্ৰাস কৰাৰ বাবে ভাল বিকল্প নহয় ।

আহাৰত কম কেলৰিযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক

যদি আপুনি কম কেলৰিযুক্ত আহাৰ সেৱন কৰে আৰু তাতকৈ অধিক কেলৰি দহন কৰে, তেনেহ’লে ই আপোনাৰ ওজন হ্ৰাস কৰিব । আনহাতে, যদি আপুনি কেলৰি হ্ৰাস কৰাতকৈ অধিক কেলৰিযুক্ত খাদ্য সেৱন কৰে তেন্তে ই আপোনাৰ ওজন বৃদ্ধি কৰিব ৷ দৌৰ, ব্যায়াম আৰু যোগৰ দৰে শাৰীৰিক কাৰ্যকলাপেৰে আপুনি অধিক কেলৰি দহন কৰিব পাৰে ৷ ই ওজন হ্ৰাস কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায় ।

ওজন হ্ৰাস কৰিবলৈ কি খাদ্য খোৱা উচিত?

এনে কিছু খাদ্য আছে যিয়ে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰে । ইয়াৰে কিছু খাদ্যৰ কেৱল বিপাক ক্ৰিয়া ত্বৰান্বিত কৰাৰ ক্ষমতাই নহয়, লগতে আপোনাক দীঘলীয়া সময়ৰ বাবে ভোকৰ অনুভৱ কৰাব নোৱাৰে ৷

যেনে

- বিভিন্ন প্ৰকাৰৰ বীন

- ডাৰ্ক চকলেট

- পাচলি

- কণী

-বাদাম

-আপেল

-দৈ

-আঙুৰ

প্ৰাকৃতিকভাৱে ওজন হ্ৰাস কৰাৰ উপায়

- ব্যায়াম

- আহাৰত প্ৰ'টিন অন্তৰ্ভুক্ত কৰক

- সংসাধিত খাদ্য নাখাব

- পুষ্টিকৰ খাদ্য আৰু জলপান খাওক

- চেনীৰ পৰিমাণ সীমিত কৰক

- যথেষ্ট পৰিমাণে পানী খাওক

- কেলৰি সীমিত কৰক

- অধিক ফল আৰু পাচলি খাব

- সময়ে সময়ে কেলৰি জোখক

- দিনত পাঁচবাৰকৈ কম কম পৰিমাণৰ আহাৰ খাওক ৷ খাদ্যৰ আসক্তি দূৰ কৰিবলৈ আপোনাৰ জীৱনশৈলী সলনি কৰাৰ ওপৰত গুৰুত্ব দিয়ক ৷

লগতে পঢ়ক: আমি কোন সময়ত চেনি খালে দেহৰ ক্ষতি নহয় ? জানি লওক বিশেষজ্ঞৰ পৰা - Right Time to Eat Sugar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.