ETV Bharat / state

ৰামেশ্বৰ তেলীক টিকট দিলে বাগিচাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব আছাই

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 2:18 PM IST

Union Minister Rameswar Teli openly opposed in Dibrugarh
ৰামেশ্বৰ তেলীক মুকলি বিৰোধিতা চাহ জনগোষ্ঠীৰ দুটাকৈ সংগঠনৰ

Aকেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক মুকলি বিৰোধিতা চাহ জনগোষ্ঠীৰ দুটাকৈ সংগঠনৰ । ৰামেশ্বৰ তেলীক টিকট দিলে বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব আছাই । ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ডিব্ৰুগড় লোকসভা সমষ্টিত আৰম্ভ হৈছে বিৰোধী ঢৌ ।

ৰামেশ্বৰ তেলীক মুকলি বিৰোধিতা চাহ জনগোষ্ঠীৰ দুটাকৈ সংগঠনৰ

ডিব্ৰুগড়,২৯ ফেব্ৰুৱাৰী: সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । বিৰোধীৰ লগতে শাসক দল বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীসকলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে প্ৰচাৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় লোকসভাতো প্ৰচাৰ অভিযান । ডিব্ৰুগড় লোকসভাৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পুনৰ প্ৰাৰ্থীত্ব লাভ কৰিব বুলি চৰ্চা চলাৰ মাজতে সাংসদ ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থীত্বক লৈ দলৰ ভিতৰে বাহিৰে আৰম্ভ হৈছে বিৰোধিতা ।

বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ডিব্ৰুগড় লোকসভা সমষ্টিত আৰম্ভ হৈছে প্ৰতিষ্ঠা বিৰোধী ঢৌ । চাহ জনগোষ্ঠীৰ বহুকেইটা সংগঠনে ৰামেশ্বৰ তেলীক বিজেপিয়ে পুনৰ টিকট দিলে দলটোক বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলিও ঘোষণা কৰিছে । চাহ জনগোষ্ঠীৰ দুটা শক্তিশালী ছাত্ৰ সংগঠন সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলীক এইবাৰ টিকট প্ৰদানৰ মুকলি বিৰোধিতা কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক অকৰ্মণ্য আখ্যা দিয়ে সংগঠনকেইটাই । বাগিচাই বাগিচাই বিজেপিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । চাহ বাগিছাক খণ্ড খণ্ড কৰি হেজাৰ হেজাৰ বিঘা মাটি বিক্রী, মাটি দালালৰ কৱলত বাগিচাৰ শ্ৰমিকৰ শ শ বিঘা মাটি, চিকিৎসাৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনৰ নেতাসকলে । বিজেপিৰ চৰকাৰ কাৰ্যকালত চাহ জনগোষ্ঠীক কেৱল ঠগ প্ৰৱঞ্চনা কৰি অহাৰ গুৰুতৰ অভিযোগ ।

কিন্তু এই ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ এজন নেতা হোৱাৰ পাছতো জনগোষ্ঠীটোৰ সমস্যাৰ বিষয়ে কোনো দিন ৰামেশ্বৰ তেলীয়ে মাত নমতাৰ অভিযোগ সংগঠনকেইটাৰ । সেয়ে ৰামেশ্বৰ তেলীৰ দৰে ব্যক্তিক যদি বিজেপিয়ে টিকট দিয়ে তেন্তে বাগিচাত বিজেপিক প্ৰৱেশ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰে । মুঠৰ ওপৰত চাহ জনগোষ্ঠীৰ সংগঠন কেইটাৰ এই ভূমিকাই ডিব্ৰুগড় লোকসভাত আসনক লৈ বিজেপি দলো বিপাঙত পৰা পৰিলক্ষিত হৈছে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বৰ্তমানৰ সাংসদগৰাকীৰ বিৰোধিতাৰে জনগোষ্ঠীয় ছাত্ৰ সংগঠন দুটাৰ এই ভূমিকাই বিজেপি দলত যে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব সেইয়া নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: দলৰ জ্যেষ্ঠ কৰ্মকৰ্তা হিচাপে ডিব্ৰুগড় সমষ্টিৰ মই প্ৰাৰ্থিত্ব বিচাৰিম : ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.