ETV Bharat / state

আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 10:21 AM IST

Updated : Jan 23, 2024, 10:47 AM IST

Union Minister Amit Shah
আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Union Minister Amit Shah: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আজি দ্বিতীয় দিন ৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কমাণ্ডোৰ পেৰেডত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

তেজপুৰ, 20 জানুৱাৰী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আজি দ্বিতীয় দিন ৷ শুকুৰবাৰে নিশাটো তেজপুৰ আৱৰ্ত ভৱনত কটাই শনিবাৰে পুৱা তেজপুৰৰ শালনিবাৰীস্থিত এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ আজিৰ কাৰ্যসূচী হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া অল বাথৌ মহাসভাৰ বাৰ্ষিক সন্মিলনতো অংশগ্ৰহণ কৰিব । তাৰ পৰা পোনে পোনে গুৱাহাটীলৈ আহিব মন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে ৷ প্ৰথমে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 2,551 জন অসম আৰক্ষী কমাণ্ডোৰ পেৰেডত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ তাৰ পাচত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰিছে মন্ত্ৰীগৰাকী ৷ উক্ত সভাতে "অসমৰ সাহসী লাচিত বৰফুকন" নামৰ এখন কিতাপও মুকলি কৰিব কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে ৷

শুকুৰবাৰে বিয়লিৰ ভাগত তেজপুৰত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে ঐতিহাসিক মহাভৈৰৱ মন্দিৰত পৰিদৰ্শন কৰে ৷ মহাভৈৰৱত পূজা-অৰ্চনা কৰাৰ পিচতেই তেজপুৰ বিশ্ববিদ্যালয়লৈ ৰাওনা হয় অমিত শ্বাহ ৷ তাতেই এক সাংস্কৃতিক কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ সাংসদসকলে সংগ দিয়ে গৃহমন্ত্ৰীগৰাকীক ৷

উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা এই বিশেষ সাংস্কৃতিক কাৰ্যসূচীত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ গীত-মাতৰ লগতে ড° হাজৰিকাৰ গীতৰ আধাৰত ৰাজ্যৰ এগৰাকী নৃত্যপটিয়সী মেঘৰঞ্জনী মেধি আৰু তেওঁৰ দলে নৃত্য প্ৰদৰ্শন কৰে ৷ তদুপৰি বিশ্ববিজয়ী নৱ জোৱান শীৰ্ষক জ্যোতি সংগীতৰ আধাৰতো নৃত্য পৰিৱেশন কৰা হয় ৷

ইফালে,কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ গুৱাহাটীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৷

লগতে পঢ়ক : মহাদেৱৰ আশিস বিচাৰি তেজপুৰৰ মহাভৈৰৱত সেৱা ল’লে অমিত শ্বাহে

Last Updated :Jan 23, 2024, 10:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.