মাৰ্ঘেৰিটাত নিহত হোৱা নাই কোনো আলফা(স্বা)ৰ সদস্য: তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকক প্ৰত্যুত্তৰ আলফা(স্বা)ৰ - ULFA I Ambush

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 4:29 PM IST

ULFA I AMBUSH
ULFA I COUNTERED TINSUKIA SP ()

ULFA I Ambush: মাৰ্ঘেৰিটাৰ নামদাঙত সংঘটিত আলফা স্বাধীনৰ এম্বুশ্বত এগৰাকী আলফা স্বাধীনৰ কেডাৰ নিহত হোৱা বুলি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকগৰাকীয়ে দাবী কৰাৰ পাচতে প্ৰত্যুত্তৰ সংগঠটোৰ ৷ দলটোক প্ৰত্যাক্ৰমণ কৰাৰ বিপৰীতে আসাম ৰাইফলছৰ দলটোৱে আত্মৰক্ষাৰ বাবে তললৈ বাগৰি দিয়া বুলি দাবী । আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে বিভিন্ন অনৈতিক কাৰ্যত জড়িত থকাৰ অভিযোগ আলফা স্বাধীনৰ ৷

তিনিচুকীয়া, ২৫ এপ্ৰিল: ১৬ এপ্ৰিলত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাঙত আলফা স্বাধীনৰ এটা বৃহৎ দলে আসাম ৰাইফলছৰ এটা কনভয়ৰ ওপৰত কৰা এম্বুশ্বৰ সময়ত আসাম ৰাইফলছৰ প্ৰত্যাক্ৰমণত আলফা স্বাধীনৰ এজন কেডাৰ থিতাতে নিহত আৰু তিনিজন কেডাৰ গুলীবিদ্ধ হোৱা বুলি বুধবাৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে দাবী কৰিছিল । তাৰ পাচতে আলফা স্বাধীনে আজি এক ই-মেইল যোগে আৰক্ষী অধীক্ষকগৰাকীৰ দাবীক প্ৰতুত্তৰ দিছে ৷

আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসম স্বাক্ষৰিত মেইলটোত উল্লেখ কৰা হৈছে যে, ১৬ এপ্রিলত "সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনৰ সেনানীসকলৰ দ্বাৰা ৰূপায়ন কৰা "অপাৰেচন প্রতিশোধ'ৰ সন্দৰ্ভৰ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সংবাদমেল সম্বোধন কৰি উক্ত অভিযানত "সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনৰ এগৰাকী সদস্য মৃত্যু হোৱা আৰু তিনিগৰাকী সদস্য গুলীবিদ্ধ হোৱা বুলি দাবী কৰিছে । লগতে তিনিগৰাকী নাগা ব্যক্তিয়ে সংগঠনটোক সহযোগ কৰা বুলি মিছা অভিযোগেৰে গ্রেপ্তাৰ কৰা দৃষ্টিগোচৰ হৈছে ।

"অপাৰেচন প্রতিশোধ"ৰ পটভূমিত ভাৰতীয় সেনা বাহিনীৰ এখন বাহনত RPG বিস্ফোৰণ হোৱাত উক্ত বাহনখন বিধস্ত হোৱাৰ লগতে সেইখন বাহনত থকা জোৱানসকল গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱাৰ ফলত সেনা বাহিনীৰ গোটে আলফা (স্বা)ৰ সেনানী সকলৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ বিপৰীতে আত্মৰক্ষাৰ বাবে চুচৰি পাহাৰৰ ওপৰৰ পৰা তললৈ বাগৰি দিয়ে । অভিযানৰ বহুত পিচত অর্থাৎ আলফাৰ কেডাৰসকলে সেই ঠাইৰ পৰা পশ্চাৎগমনৰ পিচতহে সেনা-আৰক্ষী আহি মৃত আৰু আঘাতপ্রাপ্ত জোৱানসকলক উদ্ধাৰ কৰে ।

মেইলটোত কোৱা হৈছে যে আলফাৰ সেনানী সকললৈ ভাৰতীয়া সেনাই "কণা ফৰ্মূটি" মাৰে । তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ তথ্য ভিত্তিহীন বুলি দাবী কৰিছে আলফা স্বাধীনে ।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সেনা বাহিনীৰ ব্যর্থতাৰ মুখলজ্জা নিবাৰণৰ বাবে মিছাৰ আশ্ৰয় লৈছে বুলিও সংগঠনটোৱে অভিযোগ কৰে । আলফা(স্বা)ই লগতে কয় যে এইগৰাকী আৰক্ষী অধীক্ষক তিনিচুকীয়া জিলাত চলি থকা কয়লা, গৰু, কাঠ, চুপাৰি আদি আটাইবোৰ চিণ্ডিকেটৰ সৈতে জড়িত । আনকি তেওঁ মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ সৈতেও জড়িত বুলি সংগঠনটোৰ হাতত খবৰ থকা বুলি দাবী কৰিছে ।

মেইলটোত সংগঠনটোৱে কয়, "এনেবোৰ অসামাজিক জঘন্য কর্মকাণ্ডৰে এইজন আৰক্ষী অধীক্ষকে তিনিচুকীয়াত আৰু কিছু বছৰ থাকি বৃহৎ পৰিমাণে ছিণ্ডিকেটৰ ধন আদায় কৰাৰ স্বাৰ্থত এনেদৰে মনেসজা কাহিনী প্রচাৰেৰে আত্মসন্তুষ্টি লাভ কৰাৰ ব্যৰ্থ প্রয়াস সঁচায়ে অতি হাস্যকৰ ।"

উল্লেখ্য যে, "সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনৰ কোনো সদস্য অভিযানৰ কালত আঘাপ্রাপ্ত হ'লে আৰু মৃত্যুবৰণ কৰিলে সংগঠনৰ ফালৰ পৰা "অমৰ মৃতক" ঘোষণা কৰি পৰিয়ালবৰ্গক অৱগত কৰা হয় । কিন্তু ১৬ এপ্রিলৰ অভিযানত তেনে কোনো পৰিস্থিতিৰ সূচনা হোৱা নাই ।

আনহাতে, যি কেইগৰাকী নগা ব্যক্তিক আৰক্ষী-প্রশাসনে গ্রেপ্তাৰ কৰিছে সেইকেইগৰাকী বাক্তিৰ সৈতে 'আলফা [স্বাধীন]" সংগঠনৰ কোনো সংযোগ নাই বুলি সংগঠনে স্পষ্ট কৰিছে । "অপাৰেচন প্রতিশোধ"ৰ সময়ছোৱাত "সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনে কোনো ব্যক্তিৰ সহায় লোৱা নাছিল । গতিকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ব্যক্তিসকলৰ পৰিয়াল তথা নগা ৰাইজৰ বিৰুদ্ধে এয়া আৰক্ষী প্ৰশাসনৰ ষড়যন্ত্ৰৰ বুলি প্ৰকাশ কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক: আলফা (স্বা)ৰ এম্বুশ্বৰ সৈতে জড়িত তিনিজনক আটক : হাবিতেই এৰি গৈছিল সতীৰ্থ কেডাৰৰ মৃতদেহ - ULFA I ambush

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.