ETV Bharat / state

কেন্দ্ৰ-আলফাৰ চুক্তি জাতিৰ দলিল হ’বই নোৱাৰে : জীতেন দত্ত - EX ULFA JITEN DUTTA

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 4:39 PM IST

Ex UlFA Pressmeet
মাজুলীত প্ৰাক্তন আলফাৰ সংবাদ মেল

মাজুলীত অনুষ্ঠিত প্ৰাক্তন আলফা সদস্যৰ কাৰ্যনিৰ্বাহক সভা ৷ এই সভাৰ পিচতে এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন আলফা নেতা জীতেন দত্তই ৷ দত্তই কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ আলোচনা কোনোপধ্য়ে গ্ৰহণযোগ্য নহয় বুলি দাবী কৰে ৷ তেওঁনো আৰু কি কি ক’লে তাকে জানিবলৈ চাওক এই প্ৰতিবেদন ৷

মাজুলীত প্ৰাক্তন আলফাৰ সংবাদমেল

মাজুলী, 22 এপ্ৰিল : সোমবাৰে মাজুলীৰ সোণাৰীআটিত এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন আলফা নেতা জীতেন দত্তই ৷ সংবাদমেলখন সম্বোধন কৰি একাংশ প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰে জীতেন দত্ত ৷ দত্তই সংবাদমেলখন সম্বোধন কৰাৰ মূলতে আছিল প্ৰাক্তন আলফাৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা কোটিটকীয়া বিত্তীয় অনিয়মৰ সন্দৰ্ভত আলোচনা ৷ তেওঁ কয় যে, বিগত সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফা নেতাৰ মাজত হোৱা আলোচনা এক নাটকহে ৷ এয়া কোনোপধ্যে জাতিৰ দলিল হ’বই নোৱাৰে ৷ কাৰণ ইয়াত আলোচনাপন্থী আলফাসকলৰ পেকেজৰ বিষয়েহে আলোচনা কৰা হৈছিল ৷

সমান্তৰালকৈ তেওঁ কয়, এয়া জাতিৰ দলিল হ’বই নোৱাৰে ৷ কাৰণ কাৰাবাসত থকা একাংশ আলফা নেতা চৰকাৰৰ মদদপুষ্ট হৈ মুকলি আকাশৰ তললৈ আহিছিল ৷ তেনেক্ষেত্ৰত আলোচনাৰ নামত জাতিৰ দৰ-দাম কৰিবলৈ তেওঁলোকৰ কোনো ক্ষমতা নাই ৷ এই আলোচনাৰ পৰা দুজনমান নেতাৰ বাহিৰে কাৰো একো লাভ নোহোৱা বুলিও তেওঁ মন্তব্য কৰে ৷

প্ৰায় 1200 প্ৰাক্তন আলফা সদস্য একত্ৰিত হৈ আত্মনিৰ্ভৰশীল অসম প্ৰতিষ্ঠা কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি দত্তই সংবাদমেলত প্ৰকাশ কৰে ৷ তাৰ বাবে অচিৰে আৰম্ভ কৰা হ’ব অৰ্থনৈতিক আন্দোলন ৷

আনহাতে, প্ৰাক্তন আলফা সদস্যৰ নামত মাহেকত অহা ভাট্টা কাৰ জেপলৈ যায় বুলিও সংবাদমেলতে প্ৰশ্ন তোলে প্ৰাক্তন আলফা গৰাকীয়ে ৷ এই বিষয়ত অতি শীঘ্ৰে আইনৰ কাষ চাপিব প্ৰায় 1200 প্ৰাক্তন আলফা সদস্য ৷ সংবাদমেলত এই কথাও আজি স্পষ্ট কৰি দিয়ে জীতেন দত্তই ৷

লগতে চাওক: আলফাৰ জন্মই নহ’লহেঁতেন, যদিহে তেতিয়া প্ৰধানমন্ত্ৰী মোদী থাকিলহেঁতেন: মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.