ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি সোনোৱাল কছাৰী ৰাইজে অনুষ্ঠিত কৰিলে বহুৱা নৃত্য - Traditional Bohuwa dance

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 6:29 PM IST

Bohuwa dance: ডিব্ৰুগড়ৰ খোৱাং নাহৰণিত সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত নৃত্য়ত অংশগ্ৰহণ কৰিলে হাজাৰ হাজাৰ লোকে । বহুৱা নৃত্য় হৈছে সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান ।

Bohuwa dance
বহুৱা নৃত্য় (ETV BHARAT ASSAM)

বহুৱা নৃত্য় (ETV BHARAT ASSAM)

মৰাণ, ১৩ মে’: ডিব্ৰুগড় জিলাৰ খোৱাং নাহৰণি হাইস্কুল খেলপথাৰত দেওবাৰে বিয়লি উলহ-মালহেৰে আয়োজন কৰা হয় সোণোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য অনুষ্ঠানৰ ৷ জিলাখনৰ নাহৰণি যুৱ সংঘ, নাহৰণি বহুৱা সমন্বয় সমিতি আৰু নাহৰণিবাসী ৰাইজৰ উদ্যোগত আয়োজন কৰা হয় এই বহুৱা নৃত্যৰ । এই ৭৬ সংখ্য়ক দ্বি-বাৰ্ষিক বহুৱা নৃত্য অনুষ্ঠানত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।

উল্লেখযোগ্য যে এই অনুষ্ঠানটোত নৃত্য প্ৰদৰ্শনকাৰীসকলে মুখা আৰু দেহটো কলগছৰ পাতেৰে মেৰিয়াই লয় । ইয়াত ৰজাই ১০১ খিলা কলপাত মেৰিয়াই লয় । বহুৱা নৃত্য উপভোগ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰে এই নৃত্যস্থলী । বহুৱা নৃত্য় অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান । সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ প্ৰকাশ কৰা একমাত্ৰ মাধ্যম হৈছে এই বহুৱা নৃত্য় । প্ৰধানকৈ উপাস্য দেৱতা শিৱক সন্তুষ্ট কৰিবৰ কাৰণেই সোণোৱাল কছাৰীসকলে এই নৃত্য় পৰিৱেশন কৰে । তেওঁলোকৰ বিশ্বাসমতে প্ৰভু সন্তুষ্ট হ’লেই সমাজৰপৰা অপায়-অমংগল দূৰ হয় । বেমাৰ-আজাৰ আঁতৰে আৰু সমাজত শান্তি স্থাপিত হয় ।

ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই এই প্ৰসংগত কয় যে প্ৰস্তুতি পৰ্বত শিল্পী সকলৰ সাজ-সজ্জা কৰে এখন হাবিত । তাত কেৱল বয়সস্থ লোকৰ প্ৰৱেশৰহে অনুমতি থাকে বুলি তেওঁ কয় । বহুৱা নৃত্যত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ো অতি গোপনে ৰখা হয় । এই অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷

লগতে পঢ়ক:Rongali Bihu 2023: হাইদাং হুঁচৰিত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়ত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.