ETV Bharat / state

ডিআৰডিঅ'ৰ অধ্যক্ষসহ শীৰ্ষ বিষয়াৰ তেজপুৰ ভ্ৰমণ - DRDO Chairman Tezpur visit

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 2:23 PM IST

DRDO Chairman Tezpur visit : তেজপুৰস্থিত ডিআৰডিঅ'ৰ প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰ পৰিদৰ্শন কৰে ডিআৰডিঅ'ৰ অধ্যক্ষ ড৹ সমীৰ ভি কামাট আৰু সংস্থাৰ জীৱ বিজ্ঞান বিভাগৰ সচিব প্ৰধান ড৹ ইউ কে সিঙে । দুয়োগৰাকী বিষয়াক ডি আৰ এলৰ সঞ্চালকে উষ্ম আদৰণি জনায় । তেজপুৰ পৰীক্ষাগাৰৰ প্ৰশংসা দুয়োগৰাকী বিষয়াৰ ।

DRDO Chairman Tezpur visit
ডিআৰডিঅ'ৰ অধ্যক্ষসহ শীৰ্ষ বিষয়াৰ তেজপুৰ ভ্ৰমণ (ETV Bharat)

তেজপুৰ, ২৪ মে' : অসমত উপস্থিত ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ অধ্যক্ষ ড৹ সমীৰ ভি কামাট আৰু সংস্থাৰ জীৱ বিজ্ঞান বিভাগৰ সচিব প্ৰধান ড৹ ইউ কে সিং । ডিআৰডিঅ'ৰ দুয়োগৰাকী বিষয়াই বৃহস্পতিবাৰে তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰ (ডিআৰএল) পৰিদৰ্শন কৰে । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটয়ে সংবাদ মাধ্যমক এই কথা অৱগত কৰে ।

এক আনুষ্ঠানিক বৈঠকত দুয়োগৰাকী বিষয়াক ডি আৰ এলৰ সঞ্চালক ডাঃ ডি ভি কাম্বোজে উষ্ম আদৰণি জনাই আৰু পৰীক্ষাগাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু উল্লেখযোগ্য কৃতিত্বৰ বিষয়ে অৱগত কৰে । ড৹ কম্বোজে ভেক্টৰ নিয়ন্ত্ৰণ, পানীৰ গুণাগুণ বৃদ্ধি, ঔষধ প্ৰযুক্তি আৰু জৈৱ আৱৰ্জনা ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰত ডি আৰ এল তেজপুৰৰ গৱেষণাৰ ওপৰত আলোকপাত কৰে । তেওঁ পৰীক্ষাগাৰৰ নতুন অনুসন্ধান আৰু বিকাশৰ দিশসমূহৰ ৰূপৰেখা দাঙি ধৰে, য'ত জংঘলত যুদ্ধৰ বাবে সৈনিকৰ সমৰ্থন, স্বাক্ষৰ প্ৰশমন আৰু পতংগ বিজ্ঞানসন্মত জৈৱ ভাবুকিৰ ভৱিষ্যদ্বাণী আৰু প্ৰশমন অন্তৰ্ভুক্ত কৰা হৈছে ।

ভাষণ প্ৰসংগত সঞ্চালক প্ৰধান (জীৱ বিজ্ঞান) ড৹ ইউ কে সিঙে অনুবাদ গৱেষণাৰ বাবে শিক্ষা আৰু উদ্যোগৰ সৈতে সহযোগিতা স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কিয়নো ই সশস্ত্ৰ বাহিনীক প্ৰত্যক্ষভাৱে উপকৃত কৰিব । তেওঁ ডিআৰডিঅ'ৰ শৈক্ষিক আৰু উদ্যোগৰ অংশীদাৰসকলৰ সৈতে উত্তৰ-পূবৰ ৰাজ্যত ভিন্ন অঞ্চলসমূহত জোৱানসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে ।

ডিআৰডিঅ’ৰ অধ্যক্ষ ড৹ সমীৰ ভি কামাটে ডি আৰ এলৰ বিজ্ঞানী, বিষয়া, কৰ্মচাৰীসকলক তেওঁলোকৰ নিষ্ঠাবান অৱদানৰ বাবে প্ৰশংসা কৰে । দেশৰ শক্তি আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা অত্যাধুনিক প্ৰযুক্তি প্ৰদান কৰি ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিবলৈ আহ্বান জনায় । ড৹ কামাটে গৱেষণা আৰু উন্নয়ন সংস্থাৰ কাম-কাজৰ উন্নতিৰ ক্ষেত্ৰত সংস্কাৰ আৰু ৰূপান্তৰৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ড৹ কামাটে এন্টি-মাইক্ৰ’বিয়াল বেডশ্বীট আৰু এণ্টি-বেড বাগ বেডশ্বীটৰ প্ৰযুক্তি হস্তান্তৰৰ অনুজ্ঞাপত্ৰ চুক্তি তিনিটা উদ্যোগক অৰ্পণ কৰে । ইয়াৰ উপৰিও তেওঁ ডি আৰ এলৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰে, য’ত বিগত এটা বছৰত পৰীক্ষাগাৰটোৰ অগ্ৰগতি আৰু কৃতিত্বৰ ওপৰত আলোকপাত কৰা হৈছে ।

এই ভ্ৰমণে প্ৰতিৰক্ষা প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত ডি আৰ এল-ডি আৰ ডি অ’ তেজপুৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু দেশৰ সশস্ত্ৰ বাহিনীক সহায় কৰাৰ বাবে ইয়াৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে বুলি ৰাৱাটে অৱগত কৰে ।

লগতে পঢ়ক :মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্মোৎসৱ; নাম-প্ৰসংগৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ - Madhabdev 536 Birth Anniversary
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.